অসম

assam

DU ragging case: পলাতক ৰাহুল ছেত্ৰীক বিচাৰি ডিব্ৰুগড় আৰক্ষীৰ অভিযান

By

Published : Nov 28, 2022, 3:06 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ (Ragging at Dibrugarh university) পাছতেই পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসত ডিব্ৰুগড় আৰক্ষীৰ অভিযান (Police search operation in PNGB hostel) । ক্ষীপ্ৰতাৰে চলিছে তদন্ত প্ৰক্ৰিয়া । তিনিজনক নিশাই আটক কৰাৰ বিপৰীতে এজনক সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে ৷ আন দুজন পলাতক ছাত্ৰৰ বিৰুদ্ধেও অভিযান তীব্ৰতৰ কৰি তুলিছে ডিব্ৰুগড় আৰক্ষীয়ে (Dibrugarh University ragging case)। ইতিমধ্যে ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক বিচাৰি আৰক্ষীৰ অভিযান চলি আছে বুলি জানিবলৈ দিছে তদন্তকাৰী আৰক্ষী বিষয়াই (Rahul Chetry absconded) । ইতিমধ্য নিশাই ডিব্ৰুগড়ৰ আৰক্ষীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱাৰ ছাত্ৰ নিবাসৰ পৰা আটক কৰে প্ৰাণজিৎ বৰুৱা, নিৰঞ্জন ঠাকুৰ আৰু সীমান্ত হাজৰিকাক । ভুক্তভোগী আনন্দ শৰ্মাই ৫ জন মূল ছাত্ৰৰ নাম উল্লেখ কৰিছিল । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত বিশ্ববিদ্যালয় ৰেগিং কমিটিৰ জৰুৰী বৈঠক । এই বৈঠকৰ পাছতে ঘটনা সম্পৰ্কত সিদ্ধান্ত জনাব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
Last Updated :Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details