অসম

assam

AFDC Job Scam: বৰ্খাস্ত হ’ল অসম মীন উন্নয়ন নিগমৰ 217 গৰাকী কৰ্মচাৰী

By

Published : Aug 2, 2022, 2:14 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

অৱশেষত বৰ্খাস্ত হ’ল অসম মীন উন্নয়ন নিগমত (Assam Fisheries Development Corporation) নীতি বহিৰ্ভূতভাৱে নিযুক্তি লাভ কৰা 217 গৰাকী কৰ্মচাৰী (217 employees of AFDC sacked in Assam) ৷ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী মীন উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত নিযুক্তি লাভ কৰা আৰু শেহতীয়াভাৱে মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ অধ্যক্ষতাত চাকৰিৰ পৰা বৰ্খাস্ত হ’বলগীয়া হোৱা এই 217 গৰাকী অবৈধ কৰ্মচাৰীৰ ভিতৰত নিগমৰ প্ৰাক্তন অধ্যক্ষ, মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ দুগৰাকী জীয়ৰীও আছে ( 2 daughter of MLA Ramakanta dismiss) ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল- মীন উন্নয়ন নিগমত সংঘটিত এই ভয়াবহ নিযুক্তি কেলেংকাৰীত ( AFDC Job Scam) সকলোৱে নাম উল্লেখ কৰা পদ্ম হাজৰিকা নামৰ অৱসৰপ্ৰাপ্ত বিষয়া এগৰাকীক নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে ৰহস্যজনকভাৱে ৰক্ষণাবেক্ষণ দি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
Last Updated :Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details