অসম

assam

মৃত্যুৰ দুৱাৰডলিত জাগীৰোডৰ ব্যৱসায়

By

Published : Apr 6, 2019, 3:21 PM IST

()
মধ্য অসমৰ প্ৰধান ব্যৱসায়ীক কেন্দ্ৰ হিচাপে চিহ্নিত মৰিগাঁৱৰ জাগীৰোড চহৰৰ ব্যৱসায় এতিয়া মৃত্যুৰ দুৱাৰ দলিত । জাগীৰোডৰ বজাৰত নাই মানুহৰ ভিৰ, দোকানলৈ গ্ৰাহক নাহে বুলি জানিও গ্ৰাহকৰ অপেক্ষাত ব্যৱসায়ীসকল । মহানগৰীৰ পৰা ৬০ কিলোমিটাৰ নিলগত মৰিগাঁৱৰ জাগীৰোড চহৰৰখনৰ আছে এক সুকীয়া পৰিচয় । এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আৰু নগাঁও কাগজ কলৰ বাবে বিখ্যাত জাগীৰোড । যাৰবাবে জাগীৰোড চহৰখনৰ ব্যৱসায়ীসকলৰ অৰ্থনৈতিক অৱস্থা সম্পূৰ্ণ ৰূপে নিৰ্ভৰশীল শুকান মাছৰ বজাৰ আৰু কাগজ কলৰ ওপৰত । শুকান মাছৰ বজাৰখনে জাগীৰোডৰ অৰ্থনীতি কিছু পৰিমানে স্থিৰ কৰি ৰাখিছে যদিও কাগজ কল বন্ধ হোৱাৰে পৰা কাগজ কলৰ কৰ্মচাৰীসকলৰ লগতে জাগীৰোডৰ ব্যৱসায়ী সকলৰ অৱস্থাও পানীত হাঁহ নচৰা হৈছে ।যোৱা ২৯ মাহে দৰমহাৰ পৰা বঞ্চিত নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলৰ লগতে জাগীৰোড বজাৰৰ ব্যৱসায়ীসকলেও অপেক্ষা কৰিছে কাগজ কল পুনৰ কাৰ্যক্ষম হৈ উঠালৈ ।

ABOUT THE AUTHOR

...view details