নাকৰ পৰা পানী ওলোৱাটোৱেও শীতকালত ভাইৰাছৰ সংক্ৰমণৰ দৰেই অসুবিধাৰ সৃষ্টি কৰে ৷ বিশেষকৈ শিশুৰ ক্ষেত্ৰত এই সমস্যাই অধিক হোৱা দেখা যায় ৷ তাপমাত্ৰা অলপ কম হোৱাৰ লগে লগে তেওঁলোকৰ নাকটো ববলৈ আৰম্ভ কৰে ৷ ইয়াৰ লগতে চৰ্দি আৰু কাহেও শিশুৰ শৰীৰত সমস্যাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে ৷ ডাঙৰ-সৰু উভয়ে এই সমস্যাত ভোগে ৷ এনে পৰিস্থিতিত অনুভৱ হয় যে কেনেকৈ সোনকালে সকাহ পাব পাৰি ৷ যাৰ বাবে ডাক্তৰৰ ওচৰলৈ যাতে যাবলগীয়া নহয় ৷ কিন্তু এনে পৰিস্থিতিত চিন্তাৰ কৰাৰ পৰিৱৰ্তে কিছুমান ঘৰুৱা উপায়ৰ দ্বাৰা আপুনি এই সমস্যাৰ সমাধান অতি সহজে কৰিব পাৰে ৷ ই এনেধৰণৰ এক প্ৰতিকাৰ যিয়ে আপোনাক নাকৰ সমস্যাৰ পৰা সহজেই সকাহ পাব পাৰে ৷
- মৌ আৰু আদা
মৌ আৰু আদা অতীজৰে আয়ুৰ্বেদত বিভিন্ন ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে৷ ইয়াৰ বাবে আদা পিচি তাৰ ৰস চামুচত লওক৷ তাত অলপ মৌ মিহলাই লওক ৷ এই মিশ্ৰণ নিয়মীয়াকৈ খাওক৷ ই আপোনাৰ চৰ্দি, কাঁহৰ দৰে সমস্যা দূৰ কৰাত অতি ফলপ্ৰসূ ৷
- কুহুমীয়া সৰিয়হৰ তেল
সৰিয়হৰ তেল গৰম কৰক ৷ তাত নহৰু আৰু জিৰা অলপ দিব ৷ এই তেলেৰে বুকু, পিঠি আৰু মূৰ মালিচ কৰক ৷ সৰিয়হৰ তেলে শৰীৰক উষ্ণতা প্ৰদান কৰে ৷ বহুতে নাকত সৰিয়হৰ তেলো লগায় ৷ কিন্তু এই ঔষধ তেতিয়াহে ব্যৱহাৰ কৰক যদিহে ইয়াৰ পৰা আপোনাৰ কোনো এলাৰ্জী বা সমস্যা নাথাকে ৷
- জাইফল