অসম

assam

ভাৰতত নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত ৫৭৩ গৰাকী; ২ জনৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 5:33 PM IST

COVID Surge: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জনোৱা মতে, মঙলবাৰে ভাৰতত বিগত ২৪ ঘণ্টাত ৫৭৩ জন নতুনকৈ Covid আক্ৰান্ত ৰোগী ধৰা পৰাৰ লগতে দুজন লোকৰ মৃত্যু হৈছে । মন্ত্ৰণালয়ে লগতে কয় যে, বৰ্তমানলৈকে মুঠ ৪,৪৪,৭৬,৫৫০ জন লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে, যিয়ে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৮.৮ শতাংশ প্ৰতিফলিত কৰিছে ।

COVID Surge
ভাৰতত নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত ৫৭৩ জন; ২ জনৰ মৃত্যু

নিউজ ডেস্ক, 2 জানুৱাৰী: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি মঙলবাৰে ভাৰতত ৫৭৩ জন নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত ৰোগী ধৰা পৰে আৰু সংক্ৰমণৰ সক্ৰিয় ৰোগীৰ সংখ্যা ৪,৫৬৫লৈ বৃদ্ধি পাইছে ৷

পুৱা ৮ বজাত আপডেট কৰা মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত এই ৰোগৰ বাবে নতুনকৈ দুজন লোকৰ মৃত্যু হৈছে ৷ কৰ্ণাটক আৰু হাৰিয়ানাত এজনকৈ লোকৰ মৃত্যু হয় ৷ ৫ ডিচেম্বৰলৈকে দৈনিক ৰোগীৰ সংখ্যা দুটা ঘৰৰ সংখ্যালৈ হ্ৰাস পাইছিল যদিও নতুন ভেৰিয়েন্ট আৰু শীতৰ পৰিমাণ বৃদ্ধি হোৱাৰ পিছত পুনৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৷

২০২০ চনৰ আৰম্ভণিৰ পৰা আৰম্ভ হোৱা মহামাৰীৰ শিখৰত দৈনিক সংখ্যা লাখ লাখত আছিল আৰু তাৰ পিছৰ পৰা প্ৰায় চাৰি বছৰত সমগ্ৰ দেশতে ৪.৫ কোটিৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে ৫.৩ লাখৰো অধিক লোকৰ মৃত্যু হৈছিল ৷

মন্ত্ৰণালয়ৰ ৱেবছাইটত প্ৰকাশ পাইছে যে, এই ৰোগৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ৪.৪ কোটিৰো অধিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত আৰোগ্য লাভৰ হাৰ ৯৮.৮১ শতাংশ ৷ ৱেবছাইটৰ তথ্য অনুসৰি দেশত এই পৰ্যন্ত ২২০.৬৭ কোটি ড’জ কোভিড ভেকচিন প্ৰদান কৰা হৈছে ৷

মঙলবাৰে আপডেট কৰা INSACOG'ৰ তথ্য অনুসৰি দেশত এতিয়ালৈকে মুঠ ২৬৩টা ক’ভিড-১৯ৰ চাব-ভেৰিয়েণ্ট জেএন.১ ধৰা পৰিছে, ইয়াৰে প্ৰায় আধা সংখ্যক ৰোগী কেৰালাত ধৰা পৰিছে ৷ দহখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এতিয়ালৈকে এই ভাইৰাছৰ JN.1 উপ-ভেৰিয়েণ্টৰ উপস্থিতি ধৰা পৰিছে ৷

ভাৰতীয় SARS-CoV-2 Genomics Consortium (INSACOG)ৰ তথ্য অনুসৰি JN.1 উপ-ভেৰিয়েণ্টৰ উপস্থিতিৰে ধৰা পৰা ৰাজ্যসমূহ হ’ল ক্ৰমে- কেৰালা (133), গোৱা (51), গুজৰাট (34), দিল্লী (16), কৰ্ণাটক (8), মহাৰাষ্ট্ৰ (9), ৰাজস্থান (5), তামিলনাডু (4), তেলেংগানা (2) আৰু ওড়িশা (1) ৷

লগতে পঢ়ক:অন্তৰ্মুখী লোকক বুজিবলৈ অনুসৰণ কৰক এইসমূহ টিপছ

ABOUT THE AUTHOR

...view details