ETV Bharat / sukhibhava

অন্তৰ্মুখী লোকক বুজিবলৈ অনুসৰণ কৰক এইসমূহ টিপছ

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 4:50 PM IST

World Introvert Day 2024: আজি দিনটো বিশেষভাৱে অন্তৰ্মুখী লোকসকলৰ বাবে উৎসৰ্গিত । এই লোকসকলৰ বিশেষত্ব হ’ল অন্তৰ্মুখী মানুহ স্বভাৱতে নীৰৱ আৰু কমকৈ কথা কোৱা । এনে লোকে কথা কোৱাতকৈ শুনাত অধিক গুৰুত্ব দিয়ে ৷ সেয়ে জানো আহক এনে লোকৰ সৈতে কেনেদৰে ব্যৱহাৰ কৰিব লাগে ৷

World Introvert Day 2024: How do you handle an introvert person?
অন্তৰ্মুখী লোকক বুজিবলৈ অনুসৰণ কৰক এইসমূহ টিপছ

প্ৰতি বছৰে ২ জানুৱাৰীৰ দিনটোথ বিশ্ব অন্তৰ্মুখী দিৱস হিচাপে পালন কৰা হয় ৷ অন্তৰ্মুখী মানুহৰ স্বভাৱ নীৰৱ আৰু কম কথা কোৱা ৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোক মূৰ্খ বা কোনো ধৰণৰ মানসিক ৰোগত আক্ৰান্ত ৷ এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে মানুহক অন্তৰ্মুখী জগতখনৰ সৈতে পৰিচয় কৰাই দিয়া, কিন্তু ঘৰতে হওক, অফিচত হওক বা সম্পৰ্কত হওক, এনে লোকক চম্ভালিব পৰাটো অলপ প্ৰত্যাহ্বানজনক ৷ যাৰ বাবে বহু সময়ত এনে লোকৰ লগত বিভ্ৰান্তিৰ সৃষ্টি হয়, গতিকে আজি আমি আপোনালোকক অন্তৰ্মুখী মানুহৰ লগত মোকাবিলা কৰাৰ কিছুমান উপায় ক'ম, যিবোৰ আপোনাৰ বাবে অতি উপযোগী হ'ব পাৰে ৷

কি হয় অন্তৰ্মুখী (Introvert) স্বভাৱ ?

আমাৰ পৰিয়াল, বন্ধু-বান্ধৱী, চুবুৰী বা অফিচৰ কিছুমান মানুহৰ এনে স্বভাৱ থাকে যে তেওঁলোকে যিকোনো মানুহৰ লগত সহজেই মিলিব পাৰে, আনহাতে আন প্ৰকাৰৰ মানুহ আছে যিয়ে সকলোৰে লগত ভালদৰে মিলিবলৈ অসুবিধা অনুভৱ কৰে ৷ এনে লোকে মুকলিকৈ কথা নপতাৰ লগতে, আনৰ পৰা অলপ আঁতৰি থকাৰ লগতে অকলশৰীয়াকৈ থাকি ভাল পায় ৷ এনে লোকক অন্তৰ্মুখী শ্ৰেণীত ধৰা হয় ৷

মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰা মানুহক আত্মবিশ্বাসী, বুদ্ধিমান আৰু সক্ষম বুলি গণ্য কৰা হয়, ইয়াৰ বিপৰীতে শান্ত স্বভাৱৰ মানুহক প্ৰায়ে মূৰ্খ বুলি গণ্য কৰা হয়, আনহাতে সেয়া ভবাটো একেবাৰেই ভুল ৷ বাৰু, যদি আপোনাৰ জীৱনত, বন্ধু মহল বা অফিচত কোনো অন্তৰ্মুখী ব্যক্তিও আছে, তেন্তে তেওঁলোকৰ সৈতে কেনেদৰে মিলিব পাৰি জানিব পাৰি জানি লওক-

এনে লোকক বুজিবলৈ চেষ্টা কৰক

অন্তৰ্মুখী মানুহে অকলে থাকি ভাল পায় ৷ এনে লোকে একেবাৰে বিৰক্তি বা উদাস অনুভৱ নকৰে ৷ বৰঞ্চ তেওঁলোকে অকলে থাকি বেছি ভাল পায় ৷ গতিকে এনে লোকক বুজিবলৈ চেষ্টা কৰক ৷

তেওঁলোকৰ স্বভাৱৰ শলাগ লওক

অন্তৰ্মুখী লোকে কোনো কথাত লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে ৷ তেওঁলোকে কথা কোৱাতকৈ শুনাত বেছি বিশ্বাস কৰে আৰু চিন্তাশীলভাৱে নিজৰ মতামত প্ৰকাশ কৰে ৷ এইটোৱেই তেওঁলোকক আনতকৈ পৃথক কৰি তোলে ৷ গতিকে ইয়াৰ বাবে তেওঁলোকক বাধা দিয়াৰ পৰিৱৰ্তে তেওঁলোকক উৎসাহিত কৰক, তেওঁলোকৰ শলাগ লওক ৷ কাৰণ সকলোৰে কথা শুনাৰ ধৈৰ্য নাথাকে ৷ এনে লোকৰ ধৈৰ্যও সাধাৰণ মানুহতকৈ খুবেই বেছি ৷

উচটনি নিদিব

অন্তৰ্মুখী আৰু বহিৰ্মুখী লোকক তুলনা নকৰিব ৷ কাৰণ প্ৰত্যেকৰে নিজস্ব স্বভাৱ থাকে ৷ ইয়াৰ নিজস্ব সুবিধা আৰু অসুবিধা আছে ৷ তুলনা কৰিলে কেৱল মতবিৰোধহে বৃদ্ধি হয় আৰু স্বভাৱৰ পৰিৱৰ্তনৰ সম্ভাৱনা কম হয়, সেয়েহে ইয়াক এৰাই চলিব লাগে ৷

তেওঁলোকক দুৰ্বল বুলি গণ্য নকৰিব

এনে লোকক প্ৰায়ে দুৰ্বল বুলি গণ্য কৰা হয় ৷ মানুহে ভাবে যে এনে লোকে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ ভয় কৰে ৷ আনহাতে সেয়া একেবাৰেই নহয় ৷ বহিৰ্মুখী স্বভাৱৰ মানুহে কেতিয়াবা শব্দৰ জৰিয়তে পৰিস্থিতি চম্ভালিব নোৱাৰে যদিও অন্তৰ্মুখী মানুহে শান্তিপূৰ্ণভাৱে নিজৰ বুদ্ধিমত্তাৰে মানুহক জয় কৰে, গতিকে তেওঁলোকৰ এই স্বভাৱটোক সন্মান কৰক ৷

লগতে পঢ়ক: স্বাগত চুপাৰ স্পেচিয়েলিটি হাস্পতালত সুকলমে সম্পন্ন যকৃৎ সংৰোপণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.