অসম

assam

ওদালগুৰিত জল জীৱন মিছন আঁচনিৰ কামত ভেকোঁভাওনা

By

Published : Jul 27, 2021, 4:43 PM IST

Updated : Jul 27, 2021, 7:09 PM IST

scam-in-implementation-of-jal-jeevan-mission-in-udalguri
বগা হাতীত পৰিণত হ’ব নেকি জল জীৱন মিছন ? ()

সমগ্ৰ দেশৰ প্ৰতিখন ঘৰত 2024 চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(PM Narendra Modi) 'জল জীৱন মিছন' নামৰ এক অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰিছিল । সম্প্ৰতি ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত পানীখাইতি গাঁৱত জল জীৱন মিছন আঁচনিৰ অধীনত প্ৰায় 43 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পানী যোগান আঁচনিখনৰ মেৰামতিৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

ৰৌতা, 27 জুলাই :ধোঁৱাচাঙত উঠিছে কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছন (Jal jeevan mission) আঁচনি । একাংশ অসাধু বিষয়া-ঠিকাদাৰৰ বাবে সোণৰ কণী দিয়া হাঁহত পৰিণত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ(public health engineering department)ৰ পানী যোগান আঁচনিসমূহ । সমগ্ৰ দেশৰ প্ৰতিখন ঘৰত 2024 চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(PM Narendra Modi) জল জীৱন মিছন নামৰ এক অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰিছিল । কিন্তু উক্ত আঁচনিখন ৰূপায়ণৰ নামত সম্প্ৰতি ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

অভিযোগ অনুসৰি ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত পানীখাইতি গাঁৱত জল জীৱন মিছন আঁচনিৰ অধীনত প্ৰায় 43 লাখ টকা ব্যয় সাপেক্ষে পানী যোগান আঁচনিৰ মেৰামতিৰ কাম আৰম্ভ হৈছিল । কিন্তু প্ৰাৰম্ভিক অৱস্থাতে এই কামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে । নিৰ্মাণৰত অৱস্থাতে জহি-খহি গৈছে বৃহৎ পানী যোগান আঁচনিখনৰ টেংকী । প্ৰায় 50 ফুট উচ্চতাত 30 হাজাৰ লিটাৰৰো অধিক পানী সঞ্চয়ৰ বাবে টেংকি বহুওৱাৰ উদ্দেশ্যে নিৰ্মাণৰ কাম চলি থকা অৱস্থাতে বৃহৎ ফাঁট মেলা পৰিলক্ষিত হৈছে ।

জল জীৱন মিছন আঁচনিৰ কামত ভেকোঁভাওনা

লগতে পঢ়ক :মিজো দুৰ্বৃত্তৰ আক্ৰমণ : পুৱাই শিলচৰত উপস্থিত মুুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অতি নিম্নমানৰ বালি-চিমেণ্ট ব্যৱহাৰ কৰাৰ বাবেই নিৰ্মীয়মান আঁচনিখন জহি-খহি যোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । জনস্বাস্থ্য কাৰিকৰী বিভাগ নামৰ বিয়াগোম বিভাগটোৰ জ্ঞাতসাৰেই এনেদৰে অনিয়মেৰে কাম চলি আছে বুলিও ক্ষোভ উজাৰে সৰ্বসাধাৰণ ৰাইজে ৷ আনহাতে, প্ৰায় 30 হাজাৰ লিটাৰৰো অধিক পানীৰ বহন ক্ষমতা সহিব নোৱাৰি উক্ত স্থানত ভয়ংকৰ দুৰ্ঘটনা ঘটাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে ।

ইয়াৰ পাছতো কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই সন্দৰ্ভত উচিত তদন্তৰে বিহিত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰোপৰি জিলা উপায়ুক্তৰ প্ৰত্যক্ষ হস্তক্ষেপৰ জৰিয়তে এই আঁচনিৰ কাম জনতাৰ উন্নয়নৰ বাবে সঠিকভাৱে ৰূপায়ণ কৰাৰ দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়ক :অসম-মিজোৰাম সীমান্তত শ্বহীদ আৰক্ষী জোৱানক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰীৰ

Last Updated :Jul 27, 2021, 7:09 PM IST

ABOUT THE AUTHOR

...view details