অসম

assam

Illegal liquor seized: মাজবাটত জব্দ বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা

By

Published : Oct 22, 2022, 1:18 PM IST

Illegal liquor seized in Majbat
মাজবাটত জব্দ বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা ()

মাজবাটৰ লালপানীত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা । মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ গোঁসাইৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে জব্দ কৰে এই বৃহৎ পৰিমাণৰ সুৰাখিনি ।‌ এখন বাহনত কঢ়িয়াই আনিছিল 200 কাৰ্টুন মেগধুল নম্বৰ -১ নামৰ অৰুনাচলী সুৰাখিনি ৷

ৰৌতা, 21 অক্টোবৰ:ৰাজ্যৰ ভিন্ন এলেকাসমূহত বিষাক্ত সুৰা পান কৰি বিগত বৰ্ষত প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু ঘটিছে ৷ ইয়াৰ পাছতো চোৰাংকৈ অব্যাহত আছে সুৰাৰ বেহা ৷ তাৰোপৰি অবৈধভাৱে বিলাতি মদৰ বেহাখনো চলাই গৈছে অসাধু চক্ৰই ৷

মাজবাটত জব্দ বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা

ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত চলি থকা চুলাই মদ তথা বিলাতি মদৰ অবৈধ বেহাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে কঠোৰ নিৰ্দেশনা দিয়াৰ পাছত পূৰ্বতকৈ অধিক কঠোৰ হৈ ৰাজ্যজুৰি সুৰা বিৰোধী অভিযান চলাই গৈছে আবকাৰী বিভাগ আৰু আৰক্ষীয়ে ।

কিন্তু ইয়াৰ পিছতো হ্ৰাস পোৱা নাই সুৰাৰ এই অবৈধ ব্যৱসায় ৷ শেহতীয়াকৈ মাজবাটৰ লালপানীৰ বিভিন্ন প্ৰান্তত অসাধু চক্ৰই অৰুনাচলী সুৰাৰ বেহা চলাই গৈছে (Illegal liquor trade in Majbat) ৷ কিন্তু এইক্ষেত্ৰত আৰক্ষীও সষ্টম হোৱা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ মাজবাটৰ লালপানীত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা (Illegal liquor seized in Majbat)।

মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ গোঁসাইৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে জব্দ কৰে এই বৃহৎ পৰিমাণৰ সুৰাখিনি ।‌ এখন বাহনত কঢ়িয়াই আনিছিল 200 কাৰ্টুন মেগধুল নম্বৰ -১ নামৰ অৰুনাচলী সুৰাখিনি ৷ জানিব পৰা মতে সৰবৰাহৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে সুৰা ভৰ্তি বাহনখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় যদিও এন্ধাৰৰ সুযোগ লৈ সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় ।

ইফালে মাজবাট টাউনৰ মাজমজিয়াতে আবেলি মাজবাট তেল ডিপোত একে নম্বৰৰ দুখন বাহন জব্দ কৰিবলৈ সক্ষম হৈছে মাজবাট আৰক্ষীয়ে । জানিব পৰা মতে মাজবাট আৰক্ষী থানাৰ মানিক চন্দ্ৰ দে নামৰ গৃহৰক্ষী জোৱানজনে মাজবাট টাউনত কৰ্তব্যৰত অৱস্থাত তেল ডিপোত হঠাৎ AS-27 C-3264 একে নম্বৰৰ 'আইৰিচ নামৰ দুখন বাহন প্ৰত্যক্ষ কৰি বাহন দুখনৰ চালক দুগৰাকীক সোধ-পোচ কৰি থাকোতেই চালক দুজনে বাহন দুখন এৰি পলায়ন কৰে ।

তাৰ পিছতে গৃহৰক্ষী জোৱানজনৰ সন্দেহ ওপজে আৰু বাহন দুখন থানালৈ আহে । বাহন দুখনৰ গৰাকী মাজবাট আৰক্ষী থানাৰ অন্তগৰ্ত লামাবাৰী চাহ বাগিছাৰ বিনয় চাবাৰৰ পুত্ৰ কৰন চাবাৰৰ বুলি জানিব পৰা গৈছে । এখন গাড়ীৰ পৰা পৰিচয় পত্ৰও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মাজবাট আৰক্ষীয়ে ।

লগতে পঢ়ক:Illegal liquor trade: বিশ্বনাথত সুৰাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান

ABOUT THE AUTHOR

...view details