ETV Bharat / state

৫-৭ মে' কামৰূপ মহানগৰত ড্ৰাই ডে' ঘোষণা - lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 5:16 PM IST

Updated : May 4, 2024, 5:28 PM IST

Dry Day in Guwahati : কামৰূপ মহানগৰ জিলা আয়ুক্তই ৫ মে'ৰ আবেলি ৫ বজাৰ পৰা ৭ মে'ৰ আবেলি ৫ বজালৈকে কামৰূপ মহানগৰ জিলাত এই ড্ৰাই ডে' ঘোষণা কৰিছে ।

Dry Day in Guwahati
কামৰূপ মহানগৰত ড্ৰাই ডে' ঘোষণা (ETV Bharat Assam)

গুৱাহাটী, ৪ মে' : অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত এইবাৰৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অহা ৭ মে'ত অনুষ্ঠিত হ'ব । ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত উজনি আৰু মধ্য অসমৰ দহটা লোকসভা সমষ্টিত সুকলমে ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায় । অহা ৭ মে'ত অন্তিম পৰ্যায়ত চাৰিটাকৈ সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

Dry Day in Guwahati
কামৰূপ মহানগৰত ড্ৰাই ডে' ঘোষণা (ETV Bharat Assam)

এই সমষ্টিকেইটা হৈছে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ । তৃতীয় পৰ্যায়ত ৫ নং গুৱাহাটী লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে' ঘোষণা কৰিছে । কামৰূপ মহানগৰ জিলা আয়ুক্তই ৫ মে'ৰ বিয়লি ৫ বজাৰ পৰা ৭ মে'ৰ বিয়লি ৫ বজালৈকে কামৰূপ মহানগৰ জিলাত এই ড্ৰাই ডে' ঘোষণা কৰিছে ।

এই সময়ছোৱাত জিলাখনত সুৰা সেৱন, সৰবৰাহ তথা ক্ৰয়-বিক্ৰয় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । তদুপৰি, সকলো ধৰণৰ সুৰাৰ পাইকাৰী আৰু খুচুৰা বিপণী, বাৰ আদি বন্ধ ৰখাৰো নিৰ্দেশ জাৰি কৰা হৈছে । আনহাতে, কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানে উল্লিখিত নিয়ম ভংগ কৰিলে জনপ্ৰতিনিধি আইন, ১৯৫১-ৰ ১৩৫(গ) ধাৰা তথা আবকাৰী আইনৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশটোত কোৱা হৈছে ।

উল্লেখ্য যে জিলা প্ৰশাসনে অহা ৪ জুনৰ ভোটগণনাৰ দিনাখনো কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে' ঘোষণা কৰিছে । আনহাতে, কামৰূপ জিলাৰ উপৰি গুৱাহাটী সমষ্টি, বৰপেটা সমষ্টি, কোকৰাঝাৰ সমষ্টি, ধুবুৰী লোকসভা সমষ্টিতৰ অন্তৰ্গত জিলাবোৰতো ড্ৰাই ডে' ঘোষণা কৰা হৈছে ।

উল্লেখ্য যে প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিকেইটা হৈছে ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, কাজিৰঙা আৰু শোণিতপুৰ । আনহাতে, দ্বিতীয় পৰ্যায়ত দৰং-ওদালগুৰি, নগাঁও, কৰিমগঞ্জ, শিলচৰ আৰু ডিফু লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হয় ।

লগতে পঢ়ক :তৃতীয় পৰ্যায়ৰ চাৰিটা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট, ৰণত নামিছে সকলো ৰথী-মহাৰথী - Lok Sabha Election 2024

Last Updated :May 4, 2024, 5:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.