ETV Bharat / politics

তৃতীয় পৰ্যায়ৰ চাৰিটা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট, ৰণত নামিছে সকলো ৰথী-মহাৰথী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 1:46 PM IST

LOK SABHA POLLS : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত লোকসভাৰ নিৰ্বাচনত সলনি হৈ পৰিছে ৰাজনৈতিক সমীকৰণ । বৰপেটা সমষ্টিত প্ৰথমবাৰৰ বাবে নির্ণায়ক ভূমিকা গ্ৰহণ কৰিব সংখ্যালঘু ভোটাৰে । ধুবুৰীত পূৰ্বতকৈ বৃদ্ধি পালে সংখ্যালঘু ভোটাৰৰ সংখ্যা । গুৱাহাটী আৰু কোকৰাঝাৰ সমষ্টিৰ সলনি হৈছে ৰাজনৈতিক পৰিৱেশ ।

Lok Sabha Election 2024
তৃতীয় পৰ্যায়ৰ নিৰ্বাচন (ETV BHARAT ASSAM)

গুৱাহাটী, ৪ মে’ : মাজত মাত্ৰ দুটা দিন বাকী । ৭ মে’ত ৰাজ্যৰ চাৰিটা সমষ্টি গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু ধুবুৰীত তৃতীয় পৰ্যায় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । বৰ্তমান সময়ত এই চাৰিটা সমষ্টিত জোৰদাৰ ভাৱে চলিছে নিৰ্বাচনী প্ৰচাৰ । সকলো দলৰ সকলো ৰথী-মহাৰথী নামি পৰিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত ।

লক্ষণীয় বিষয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত লোকসভাৰ নিৰ্বাচনত এইবাৰ সমষ্টিকেইটাৰ ৰাজনৈতিক সমীকৰণ সলনি হৈ পৰিছে । বহুচৰ্চিত বৰপেটা সমষ্টিত প্ৰথমবাৰৰ বাবে সংখ্যাগুৰু ভোটাৰে নির্ণায়ক ভূমিকা গ্ৰহণ কৰিব । ইয়াৰ বিপৰীতে ধুবুৰীত সংখ্যালঘু ভোটাৰৰ সংখ্যা এইবাৰ পূৰ্বতকৈয়ো অধিক বৃদ্ধি পাইছে ।

Lok Sabha Election 2024
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি (ETV BHARAT ASSAM)

আনহাতে গুৱাহাটী আৰু কোকৰাঝাৰ সমষ্টিৰো ৰাজনৈতিক পৰিৱেশ শেহতীয়াকৈ সলনি হৈ পৰিছে । উল্লেখ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত চাৰিটা সমষ্টিত মুঠ ৪৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে ।

বৰপেটা লোকসভা সমষ্টি :

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত বৰপেটা লোকসভা সমষ্টিৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে । পূৰ্বতে সমষ্টিটোত ধৰ্মীয় সংখ্যালঘু ভোটাৰ বেছি আছিল আৰু তেওঁলোকে নির্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত তিনিটাকৈ সংখ্যালঘু অধ্যুষিত বিধানসভা সমষ্টি ক্ৰমে জনিয়া, চেঙা আৰু বাঘৰ সমষ্টি বৰপেটাৰ পৰা কৰ্তন কৰা হয় ।

নতুনকৈ বৰপেটাত অন্তৰ্ভুক্ত কৰা হয় নলাবাৰী, টিহু আৰু হাজো-শুৱালকুছি বিধানসভা সমষ্টি । যাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত এতিয়া পূৰ্বৰ পৰিৱেশ নাই । সমষ্টিটোত পূৰ্বতে ৫৫.২ শতাংশ ধর্মীয় সংখ্যালঘু ভোটাৰ আছিল । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত বৰপেটাত সংখ্যালঘু ভোটাৰৰ হাৰ হ্ৰাস পাই ৩০ শতাংশ হৈছে ।

ইয়াৰ বিপৰীতে হিন্দু ভোটাৰ প্ৰায় ৭০শতাংশলৈ বৃদ্ধি পাইছে । দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দখলত থকা বৰপেটা সমষ্টিত ১১বাৰকৈ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে চি পি আই এমৰ প্ৰাৰ্থী দুবাৰ আৰু এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী এবাৰ জয়ী হ'বলৈ সক্ষম হৈছিল । সমষ্টিটোত ছয়গৰাকী সংখ্যালঘু নেতা আৰু তিনিগৰাকী হিন্দু নেতা সাংসদ হৈছে ।

এইবাৰৰ নিৰ্বাচনত বৰপেটা সমষ্টিত বিজেপিৰ মিত্ৰদল অগপই বিধায়ক ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । সেইদৰে চি পি আই এম দলে বিধায়ক মনোৰঞ্জন তালুকদাৰক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিছে দ্বীপ বায়নক । মিত্ৰতাত থাকিও কংগ্ৰেছ আৰু চি পি আই এম দলে পৃথকে পৃথকে প্ৰার্থী দিয়াত বিজেপি মিত্ৰজোঁট লাভৱান হ'ব বুলি ধাৰণা কৰা হৈছে ।

ইফালে দুলু আহমেদেও সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ ফলত ভোট বিভাজন হ'লে বিজেপি দলেই উপকৃত হ'ব ।

Lok Sabha Election 2024
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি (ETV BHARAT ASSAM)

ধুবুৰী লোকসভা সমষ্টি :

পূৰ্বৰে পৰাই সংখ্যালঘু ভোটাৰে নির্ণায়ক ভূমিকা গ্ৰহণ কৰি অহা ধুবুৰী সমষ্টিত থকা ২৬,৪৩,৪০৩ গৰাকীভোটাৰৰ প্ৰায় ৮০ শতাংশ ভোটাৰেই হৈছে সংখ্যালঘু ভোটাৰ । অথচ পূৰ্বতে সমষ্টিটোত ধর্মীয় সংখ্যালঘু ভোটাৰৰ হাৰ আছিল ৭২.৩ শতাংশ । প্ৰকৃততে বৰপেটা সমষ্টিৰ পৰা কৰ্তন কৰা সংখ্যালঘু সমষ্টি ধুবুৰীত যোগ দিয়াৰ লগতে বঙাইগাঁও জিলাৰ নতুনকৈ গঠিত সংখ্যালঘু অধ্যুষিত সৃজনগ্ৰাম সমষ্টি অন্তৰ্ভুক্ত হৈছে ধুবুৰীত ।

এই সমষ্টিটোও বিজেপিয়ে মিত্ৰদল অগপক এৰি দিছে । অৱশ্যে বিজেপিয়ে সমষ্টিটোত মিত্ৰদলৰ প্ৰাৰ্থী জয়ী হ'ব বুলিও আশা কৰা নাই । ধুবুৰী সমষ্টিটো দহবাৰ কংগ্ৰেছৰ দখলত থকাৰ বিপৰীতে তিনিবাৰ এ আই ইউ ডি এফ আৰু তিনিবাৰ পি এছ পিয়ে দখল কৰিছিল । ২০০৯ চনৰ পৰা সমষ্টিটো এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ দখলত আছে যদিও এইবাৰ কংগ্ৰেছে বিধায়ক ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষমতা দখলৰ যুঁজখন অধিক আকৰ্ষণীয় হৈ পৰিছে । অৱশ্যে বিজেপি মিত্ৰদল অগপৰ প্ৰার্থী জাবেদ ইছলামে পূৰ্ণ আত্মবিশ্বাসেৰে যুঁজৰ বাবে সাজু হৈছে ।

কোকৰাঝাৰ লোকসভা সমষ্টি :

৩৫ শতাংশ বড়ো ভোটাৰ থকা কোকৰাঝাৰ সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৪,৭০,২৭১ গৰাকী । অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিটোৰ নিৰ্বাচনত অনাবড়ো লোকসকলে সদায়ে নির্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে । সমষ্টিটোত কোচ-ৰাজবংশী, বেংগলী হিন্দু আৰু আদিবাসী লোকৰ সংখ্যাই হৈছে ৩৫ শতাংশ ।

সকলোতকৈ ডাঙৰ কথা যে পূৰ্বতে বড়ো জনগোষ্ঠীৰ প্ৰতিনিধিৰ হাতত থকা সমষ্টিটো ২০১৪ৰ সাধাৰণ নিৰ্বাচনত অবড়ো প্ৰতিনিধিৰ দখললৈ যায় । ২০১৪ আৰু ২০১৯ চনত সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে বিজয়ী হয় নৱ কুমাৰ শৰণীয়া । কিন্তু এইবাৰ শৰণীয়াৰ মনোনয়ন বাতিল হোৱাত সমষ্টিটোত মূল প্ৰতিন্দন্দ্বিতা বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আৰু বি পি এফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ মাজতে হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে কংগ্ৰেছেও উক্ত সমষ্টিটোতগৰ্জন মুছাহাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

গুৱাহাটী লোকসভা সমষ্টি :

গুৱাহাটী সমষ্টিত এইবাৰো মহিলা প্ৰাৰ্থীৰ মাজতেই নিৰ্বাচনী মূল যুঁজখন হ’ব । ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰোড শ্ব' কৰি চমক সৃষ্টি কৰাৰ পাচত এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ বিৰোধী নেতাসকল ৰণক্ষেত্ৰত নামি পৰিছে ।

লক্ষণীয় বিষয় যে দহটা বিধানসভা সমষ্টিৰে গঠিত গুৱাহাটী লোকসভা সমষ্টিটোৰ ভিতৰত চাৰিটা সমষ্টি ক্ৰমে গোৱালপাৰা পূব, দুধনৈ, বকো আৰু ছয়গাঁও সমষ্টিত আছে কংগ্ৰেছৰ বিধায়ক । অৱশ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত ছয়গাঁও সমষ্টিটোৰ পৰিৱৰ্তে ছমৰীয়া নামৰ নতুন এটা সমষ্টি গঠন কৰা হৈছে । ইফালে কংগ্ৰেছৰ প্ৰার্থীগৰাকীয়ে গাঁৱে-ভূঞে, পাহাৰে-ভৈয়াকে, বজাৰে-সমাৰে ব্যাপক প্ৰচাৰ চলোৱাত বিজেপিয়েও সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে ।

উল্লেখ্য যে গুৱাহাটী মহানগৰীত ভোটদানৰ হাৰ প্ৰতিটো নিৰ্বাচনতে যথেষ্ট কম হয় । যাৰ ফলত গুৱাহাটী মহনগৰীৰ ভোটাৰক লৈ শংকিত হৈ পৰিছে বিজেপি । আনকি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত একমাত্ৰ গুৱাহাটী মহানগৰীতে চাৰিগৰাকীকৈ মন্ত্ৰী ক্ৰমে বিমল বৰা, ডাঃ ৰণোজ পেগু, অজন্তা নেওগ আৰু যোগেন মহনে মহানগৰীৰ ৱাৰ্ডে ৱাৰ্ডে ভোট সংগ্ৰহত নামি পৰিছে ।

মন কৰিবলগীয়া কথা যে ২০০৯ চনৰ পৰা গুৱাহাটী সমষ্টিটো বিজেপিৰ হাতত থকাৰ লগতে সমষ্টিটোৰ পৰা মহিলা প্ৰার্থীহে জয়ী হৈ আহিছে । ইফালে গুৱাহাটী সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকী অভিলেখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সদৰী কৰিছে । অৱশ্যে বিজেপিৰ এনে অংকৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে এটা ভোটত হ'লেও তেওঁ জয়ী হ'ব বুলি সদৰী কৰিছে ।

ইফালে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গুৱাহাটী সমষ্টিত নিৰ্বাচনী প্ৰেক্ষাপট যথেষ্ট সলনি হোৱা পৰিলক্ষিত হৈছে । গুৱাহাটীত যুঁজখন বিজেপিৰ বাবে তেনেই সহজ হৈ থকা নাই । সেই কথা বিজেপিয়ে উপলব্ধি কৰি ব্যাপক তৎপৰ হৈ পৰিছে ।

লগতে পঢ়ক : বিজেপিৰ পৰা তৃণমূললৈ; 3য় পৰ্যায়ৰ বাবে নিৰ্বাচনৰ বাবে ৰাজ্যত চলিছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.