ETV Bharat / politics

বিজেপিৰ পৰা তৃণমূললৈ; তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যত চলিছে মাৰাথন প্ৰচাৰ অভিযান - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 12:13 PM IST

Updated : May 4, 2024, 2:28 PM IST

Election campaign : ৰাজ্যত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰতিটো ৰাজনৈতিক দলে ৷ শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ, বিজেপি, তৃণমূল কংগ্ৰেছ, বিপিএফ দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ নিজৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অসমত উপস্থিত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী তথা সুগায়ক বাবুল সুপ্ৰিয় ৷

Etv bharat assam
বিজেপিৰ পৰা তৃণমূললৈ; 3 য় পৰ্যায়ৰ বাবে নিৰ্বাচনৰ বাবে ৰাজ্যত চলিছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ (Etv bharat assam)

নিউজ ডেস্ক, 4 মে’: তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা সময়তে প্ৰতিটো ৰাজনৈতিক দলে তুংগত কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ দলবোৰে চলাইছে প্ৰচাৰ অভিযান ৷ শুকুৰবাৰে বঙাইগাঁও জিলাৰ ইকৰাবাৰীত বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী দীপ বায়নৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷

election campaign in assam
নিৰ্বাচনী সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা (Etv bharat assam)

সভাখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয়, "হিমন্ত বিশ্ব শৰ্মাই চুকত থাকি বুকুত কামোৰে । এতিয়া তেওঁ বিজেপিত আছে 4 জুনৰ পাচত ক’ত যায় ঠিকনা নাই ।"

আনহাতে, বৰপেটা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা চিপিআই (এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে কংগ্ৰেছে মিত্ৰতাৰ ধৰ্ম অটুট ৰখা নাই বুলি অনা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় কয়, "মনোৰঞ্জন তালুকদাৰক আমি বিধায়ক বনাইছো । মনোৰঞ্জন তালুকদাৰে 2 বছৰ আগত কয় যে মই বিধায়ক হম আৰু দুবছৰ পাচত কয় মই সাংসদ হম । এজন লোকৰ উচ্চাকাংক্ষা পূৰণ আমি নকৰো, আমি নামানো ।"

election campaign in assam
নিৰ্বাচনী সভাত জনতা (Etv bharat assam)

আনহাতে, তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া কোকৰাঝাৰ লোকসভা সমষ্টিতো তীব্ৰ ৰূপত আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়াৰ সমৰ্থনত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা, পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী তথা সুগায়ক বাবুল সুপ্ৰিয়, ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে চিৰাঙৰ বিজনীত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় ৷

election campaign in assam
নিৰ্বাচনী সভাত তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী তথা সুগায়ক বাবুল সুপ্ৰিয় (Etv bharat assam)

সভাত অংশ লৈ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই ভাষণ প্ৰদান কৰি বিজেপি-ইউ পি পি এলে বিটিচিত কোচ ৰাজবংশী, ধৰ্মীয় সংখ্যালঘু, বঙালীসকলৰ একো সমস্যাৰ সমাধান কৰিব পৰা নাই বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া গেৰান্টী মিছা বুলিও কয় ৷ সভাত উপস্থিত থকা পশ্চিমবংগৰ মন্ত্ৰী বাবুল সুপ্ৰিয়ই দলীয় প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়াক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজলৈ আহ্বান জনায় ৷

শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে নলবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায় সমষ্টিটোৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । নলবাৰী সমষ্টিৰ চাৰিওটা মণ্ডলত ৰোড শ্ব'/সভা আদিৰে নিৰ্বাচনী প্ৰচাৰ চলায় বৰুৱাই । নলবাৰী বিধানসভা সমষ্টিৰ পৰা 90 শতাংশ ভোটেই ফণীভূষণ চৌধুৰীৰ সমৰ্থনত দিবলৈ ৰাইজে ৰৈ থকা বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে ।

election campaign in assam
নিৰ্বাচনী সভাত বিপিএফ প্ৰাৰ্থী খাম্পা বৰগয়াৰী (Etv bharat assam)

লগতে প্ৰতিদ্বন্দ্বিতা সন্দৰ্ভত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয়, "কোনো প্ৰতিদ্বন্দ্বীয়েই নাই । পাঁচ লাখ ভোটৰ ব্যৱধানত ফণীভূষণ চৌধুৰী জিকিব । গতিকে কোন প্ৰতিদ্বন্দ্বী আমাৰ চাবলগীয়া নাই ।" ৰাজ্যৰ অন্যান্য ৰাজনৈতিক দলবোৰৰ সমান্তৰালভাৱে বিপিএফ দলয়েও চলাইছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ । কোকৰাঝাৰত 70 শতাংশ ভোটত বিপিএফ প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে ।

খাম্পা বৰগয়াৰীয়ে কয়, " বিপিএফ দলে 100 শতাংশ জয়ী হ'ব ৷ আমি ডাঙৰ ডাঙৰ সভা কৰা নাই, পকেট মিটিং কৰিছো ৷ ডাইৰেক্ট গাঁৱৰ মানুহৰ লগত সুখ দুখৰ কথা পাতিছো । বিভিন্ন দলে কোকৰাঝাৰ লোকসভা সমষ্টিত চাৰিখনকৈ হেলিকপ্টাৰ উৰুৱাইছে ৷ কিন্তু ভোট গণনাৰ দিনা চাব বিপিএফে 70 শতাংশ ভোট পাব আৰু বিভিন্ন দলে 30 শতাংশ পাব ।মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰত প্ৰচাৰ চলাইছে কিন্তু বিপিএফৰ একো ক্ষতি নহয় ৷"

লগতে পঢ়ক: ৰাস্তাত থিয় দি হ’লেও মানুহৰ পক্ষে থকাৰ আশ্বাস প্ৰদান চিপিআই (এম) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ - Lok sabha Election 2024

Last Updated : May 4, 2024, 2:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.