ETV Bharat / state

বঙাইগাঁৱৰ গান্ধী ময়দানত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 5:22 PM IST

Lok Sabha Election 2024: বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বিজয়ক লৈ নিশ্চিত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ৩ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব । ধুবুৰী সমষ্টিত প্ৰতিযোগিতা হ'ব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে ।

Lok Sabha Election 2024
বঙাইগাঁৱৰ গান্ধী ময়দানত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)

বঙাইগাঁও, ৪ মে': বৰপেটা লোকসভা সমষ্টিত শাসকীয় বিজেপিয়ে নিৰ্বাচন প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত শনিবাৰে বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'লে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বঙাইগাঁও চহৰৰ গান্ধী ময়দানত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলায় । বঙাইগাঁও বিধানসভা সমষ্টিৰ ৮ বাৰৰ বিধায়ক তথা আগন্তুক লোকসভা নিৰ্বাচনৰ বৰপেটা লোকসভাৰ অগপ মিত্ৰদলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ বিভিন্ন সফলতাৰ কথা উল্লেখ কৰে ।

ইফালে উপস্থিত কৰ্মী-সমৰ্থকৰ সৈতে দলৰ প্ৰচাৰ গীতত নাচিলেও মুখ্যমন্ত্ৰীগৰাকীয়ে । প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিও দিলে । সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰীৰ বিজয় নিশ্চিত । তেওঁ প্ৰায় ৩ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলিও দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বিজেপি মিত্ৰজোঁটে ১২-১৩ খন আসন লাভ কৰিব বুলি তেওঁ দাবী কৰে । ইফালে মুখ্যমন্ত্ৰীৰ মতে ধুবুৰী লোকসভা সমষ্টিত 'কণ্টেষ্ট' হ'ব । বঙাইগাঁৱত আগন্তুক উপ-নিৰ্বাচন সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি আৰু অগপ একেই আছে । এবাৰ একেলগে চাহ খাই ল'লে সকলো ঠিক হৈ যাব ।

উল্লেখ্য যে তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া সমষ্টিবোৰৰ ভিতৰত বৰপেটা লোকসভা সমষ্টি অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সন্মুখত আছে চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ । মনোৰঞ্জন তালুকদাৰ সৰভোগ সমষ্টিৰ বিধায়ক । চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকীৰো সমষ্টিটোত ব্যাপক জনপ্ৰিয়তা আছে । একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে দীপ বায়ন । এই তিনিগৰাকী প্ৰাৰ্থীৰ মাজতে মূল প্ৰতিযোগিতা হ'ব বুলি একাংশই ধাৰণা কৰিছে ।

লগতে পঢ়ক :প্ৰদেশ কংগ্ৰেছত কোন এই ঘৰ শত্ৰু বিভীষণ ! - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.