অসম

assam

বিটিচিত হ'ব জনতাৰ দৰবাৰঃ ৰাজ্যপাল জগদীশ মুখী

By

Published : May 28, 2020, 8:15 PM IST

বিটিচিৰ সচিবালয়, ৪ খন জিলাৰ উপায়ুক্ত কাৰ্যালয় আৰু মহকুমাধিপতি কাৰ্যালয়ত প্ৰতি মঙল আৰু বৃহস্পতিবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব জনতা দৰবাৰ ।

Governer Jagadish Mukhi visited at Udalguri
বিটিচিত হ'ব জনতাৰ দৰবাৰঃ ৰাজ্যপাল জগদীশ মুখী

ওদালগুৰি, 28 মে': ৰাজ্যপালৰ শাসনৰ অধীনত থকা বিটিচিত হ'ব জনতাৰ দৰবাৰ ৷ বিটিচিৰ সচিবালয়, ৪ খন জিলাৰ উপায়ুক্ত কাৰ্যালয় আৰু মহকুমাধিপতি কাৰ্যালয়ত প্ৰতি মঙল আৰু বৃহস্পতিবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব জনতা দৰবাৰ । বৃহস্পতিবাৰে এই কথা ঘোষণা কৰিছে ৰাজ্য়পাল জগদীশ মুখীয়ে ৷ জনতা দৰবাৰত যিকোনো সমস্যাৰ বিষয়ে পোনপটীয়াকৈ অভিযোগ দিব পাৰিব জনসাধাৰণে।

বিটিচিত হ'ব জনতাৰ দৰবাৰঃ ৰাজ্যপাল জগদীশ মুখী

উল্লেখ্য যে, ৰাজ্যপাল শাসন প্ৰৱৰ্তন হোৱাৰ পিছত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে ওদালগুৰিত উপস্থিত ৰাজ্যপাল জগদীশ মুখী ৷ ইয়াৰ পিছতে ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত ওদালগুৰিৰ উপায়ুক্তৰ লগতে জিলা খনৰ বিভিন্ন বিভাগৰ মূৰব্বী সকলৰ সৈতে বৈঠকত মিলিত হয় ৰাজ্যপাল গৰাকী ৷ লগতে ৰাজনৈতিক দল আৰু জাতীয় দল সংগঠনৰ জিলা নেতৃত্বৰ সৈতেও আলোচনাত বহে ৰাজ্যপাল গৰাকী ৷ বৈঠকত বিভিন্ন দল সংগঠন সমূহে বিভিন্ন সমস্যাৰ কথা অৱগত কৰাৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৰাজ্যপালক ৷ ইয়াৰ পাছতে ওদালগুৰিৰ আৱৰ্ত ভৱনত সংবাদমেলো সম্বোধন কৰে ৰাজ্যপাল জনে।

বিটিচিত হ'ব জনতাৰ দৰবাৰঃ ৰাজ্যপাল জগদীশ মুখী

ৰাজ্যপাল গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ৰাজ্যপালৰ শাসনৰ অধীনত থকা বিটিচিত হ'ব জনতাৰ দৰবাৰ ৷ বিটিচিৰ সচিবালয়, ৪ খন জিলাৰ উপায়ুক্ত কাৰ্যালয় আৰু মহকুমাধিপতি কাৰ্যালয়ত প্ৰতি মঙল আৰু বৃহস্পতিবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব জনতা দৰবাৰ । লগতে বিটিচি অঞ্চলৰ আন ৭০ টা স্থানত স্থাপন কৰা হ'ব অভিযোগ বাকচ ৷ ৰাইজে দিয়া অভিযোগ সমূহৰ সমাধানৰ আশ্বাস প্ৰদান কৰে ৰাজ্যপাল গৰাকীয়ে ৷

বিটিচিত হ'ব জনতাৰ দৰবাৰঃ ৰাজ্যপাল জগদীশ মুখী

ইয়াৰ লগতে বিটিচিত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধেও কঠোৰ হোৱাৰ ইংগিত ৰাজ্যপালৰ ৷ ৰাজ্যপাল শাসন প্ৰৱৰ্তন হোৱাৰ পিছত যদি বিটিচিত কিবা দূৰ্নীতি সংঘটিত হৈছে তেন্তে তাৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস ৰাজ্যপালৰ ৷ ইয়াৰ লগতে প্ৰতি সপ্তাহত এবাৰকৈ বিটিচি ভ্ৰমণ কৰিব বুলিও জনায় ৰাজ্যপালে। অহা জুন, জুলাই আৰু আগষ্ট মাহৰ ভিতৰত বিটিচি অঞ্চলত ৰোপন কৰা হ'ব ৪০ লাখ গছৰ পুলি ৷ বিটিচিৰ প্ৰতিজন সাধাৰণ লোকক ৫ দাল আৰু চৰকাৰী কৰ্মচাৰীক ১০ দাল গছ পুলি ৰোপনৰ আহ্বান ৰাজ্যপাল জগদীশ মুখীৰ ৷

লগতে পঢ়কঃ বৰঝাৰ বিমানবন্দৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ABOUT THE AUTHOR

...view details