অসম

assam

উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ আবকাৰী কনিষ্টবল

By

Published : Oct 10, 2022, 10:03 PM IST

excise-constable-arrested-while-taking-bribe-at-rowta-in-udalguri

ৰাজ্যত ইটোৰ পিছত সিটোকৈ ঘোচখোৰ বিষয়া জালত পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ (Vigilance and Anti Corruption Assam) ৷ এইবাৰ ৰৌতাত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে এজন আবকাৰী কনিষ্টবলক (Excise Constable arrested while taking bribe ) ৷

ৰৌতা,10 অক্টোবৰ:ৰাজ্যত সম্প্ৰতি হাত দাঙি ফটো উঠাৰ প্ৰতিযোগিতাহে চলিছে ৷ কিয়নো দীঘলীয়া হৈ গৈ আছে উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰা চৰকাৰী কৰ্মচাৰীৰ তালিকা (Corrupted govt employee Assam) ৷

নিজৰ প্ৰাপ্ত দৰমহাৰ টকাৰে পেট নভৰা একাংশ ঘোচখোৰ বিষয়া-কৰ্মচাৰীক মহাত্মা গান্ধীৰ ফটো সম্বলিত খমখমীয়া নোটৰ সৈতেই হাত দঙাই ফটো তুলিছে দুৰ্নীতি নিবাৰক শাখাই (Directorate Vigilance and Anti Corruption) ৷ এইবাৰ ওদালগুৰিত ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰে এজন আবকাৰী বিভাগৰ কনিষ্টবল ৷

উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ আবকাৰী কনিষ্টবল

তথ্য অনুসৰি সোমবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ওদালগুৰি চহৰৰ মাজ-মজিয়াত থকা প্ৰীঞ্চ নামৰ ৱাইনশ্বপ এখনত গোপন খবৰৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলায় । অভিযানত জিলা আবকাৰী বিভাগৰ কৰ্মচাৰী তৰুণ বসুমতাৰী নামৰ কনিষ্টবলজনক দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ৪০ হাজাৰ টকা ঘোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে (Excise Constable arrested while taking bribe) ।

অভিযানকাৰী দলটোৱে এইপৰ্যন্ত সাংবাদিকৰ সন্মুখত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই যদিও গোপন সূত্ৰৰ ভিত্তিতেই এই অভিযান চলোৱা কথা জানিব পৰা গৈছে । ধৃত বসুমতাৰীয়ে আৱকাৰীৰ এটা গোচৰ পঞ্জীয়ন নকৰাৰ ফলত অভিযোগকাৰীক সকাহ দিয়াৰ বাবে অভিযোগকাৰীৰ পৰা ৪০ হাজাৰ টকা উৎকোচ হিচাপে গ্ৰহণৰ সময়তে অভিযানকাৰী দলটোৱে হাতে লোতে ধৰা পেলায় বুলি এক সূত্ৰত প্ৰকাশ ৷

লগতে পঢ়ক:টিঙৰ পৰা নানামে অভিজিৎ ভট্টাচাৰ্য: প্ৰয়োজন হ’লে নাম সলাব নাটকৰ

ABOUT THE AUTHOR

...view details