নিউজ ডেস্ক, 1 জুলাই :শাসনত অধিস্থিত ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma) নেতৃত্বাধীন বিজেপি(BJP) চৰকাৰখনৰ ডেৰ মাহ ইতিমধ্য অতিক্ৰম কৰিছে ৷ বিগত দিন কেইটাত চৰকাৰৰ গৃহ বিভাগৰ তত্বাৱধানত সমগ্ৰ ৰাজ্যতে আইন-শৃংখলা ব্যৱস্থাত গুৰুত্ব দি অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে(Assam police) নতুন ৰেকৰ্ড প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ শদিয়াৰ পৰা ধুবুৰীলৈ ড্ৰাগছ তথা অবৈধ নিচাযুক্ত দ্ৰব্য, জীৱ-জন্তুৰ চোৰাং সৰবৰাহ আদি বিভিন্ন দিশত দীৰ্ঘদিনৰ পৰা অবিৰতভাৱে চলি থকা অপৰাধীৰ দপদপনি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে বিগত সময়চোৱাত অভিযান চলাই সফলতা লাভ কৰিছে ৷ কৰ’ণা সৃষ্ট আংশিক লক ডাউনত ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব সুকলমে পালন কৰিও সমান্তৰালভাৱে অপৰাধ নিয়ন্ত্ৰণ আৰু বিশেষকৈ ড্ৰাগছ আৰু অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে ঘোষণা কৰা জেহাদক এতিয়া ৰাজ্যবাসীয়ে একেমুখে শলাগ লৈছে ৷
গোলাঘাটৰ উৰিয়ামঘাটত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ আটক এজন :গোলাঘাটৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটত মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা আৰু উৰিয়ামঘাট থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত চলা অভিযানত ড্ৰাগছসহ আটক হ’ল এজন যুৱক ৷ আটকাধীন যুৱকজনৰ নাম ৰাজীৱ তুৰুং বুলি জানিব পৰা গৈছে । যুৱকজনৰ পৰা আৰক্ষীয়ে দুই গ্ৰাম ওজনৰ হেৰ'ইন জব্দ কৰে ।
অভিযানটোত আৰক্ষীয়ে চানি, বাবলু, সঞ্জু আৰু গেজু নামৰ সন্দেহজনক অন্য কেইজনমান যুৱকক আটক কৰে ৷ কিন্তু বুধবাৰে উৰিয়ামঘাট থানাত আৰক্ষীয়ে আটাইকেজনকে পৰিয়ালৰ হাতত চমজাই দিয়ে । আনহাতে, ধৃত ৰাজীৱ তুৰুঙৰ বিৰুদ্ধে ২৬/২০২১ ইউ/এচ ২১(এ)২৪ এনডিপিএচ আইনৰ অধীনত গোচৰ ৰুজু কৰি সোধ-পোছ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।