অসম

assam

Murder incident:নিশা হাতী চাবলৈ যোৱাই কাল অমানিশা নমাই আনিলে বলীন গোহাঁইৰ পৰিয়াললৈ

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 2:31 PM IST

30 অক্টোবৰৰ নিশা হাতী চাবলৈ ওলাই গৈছিল বলীন গোহাঁই ৷ তাৰ পিচতেই ক্ষত-বিক্ষত অৱস্থাত কোনো লোকে ৰাস্তাৰ কাষত পৰি থকা দেখা পাই উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও মৃত্যু বৰণ কৰে তেওঁ ৷ তাৰেই প্ৰতিবাদত বৃহস্পতিবাৰে ৰাজপথত বহিছে পত্নী আৰু দুই কন্যা ৷ সবিশেষ আগলৈ-

Murder incident
ৰাজপথত মৃতদেহ লৈ প্ৰতিবাদ

ৰাজপথত মৃতদেহ লৈ প্ৰতিবাদ

তিনিচুকীয়া, ২ নৱেম্বৰ : মৃতদেহ লৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৷ পত্নীয়ে চিঞৰি চিঞৰি কৈছে স্বামীক হত্যা কৰাৰ কথা ৷ কোনোমতে পৰিয়াল চলাই থকা দুই স্বামী-স্ত্ৰীৰ মাজত এতিয়া এজন নাইকিয়া হৈ গ’ল চিৰদিনৰ বাবে ! দুই কন্যাক লৈ কেনেকৈ ওৰেটো বাট আগবাঢ়ি যাব পত্নী অকলে ? যেন অথাই সাগৰত পৰিল বলীন গোহাঁইৰ পত্নী ৷ তেওঁৰ ভাষ্য, কিবা লেন-দেন থাকিলেও, কথা নিমিলা হ’লেও এনেকৈনো মাৰি পেলাইনে মানুহ ! বলীন গোহাঁইৰ দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় দিছে সমগ্ৰ অঞ্চলটোৰ ৰাইজ ৷

মাকুম ধুলিজানৰ এই হত্যাকাণ্ডত ক্ষোভিত হৈ ৰাইজে কৰিছে উত্তাল প্ৰতিবাদ । মৃত বলীন গোহাঁই ওৰফে ধনীৰ পৰিয়াললৈ ক্ষতিপূৰণৰ দাবীত জনাইছে প্ৰতিবাদকাৰীয়ে । প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত শ শ যান বাহন স্তব্ধ হৈ পৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত । দৰাচলতে ঘটনাটো সোমবাৰৰ ৷ সেই নিশা মাকুম ধুলিজান গাঁৱৰ নিবাসী বলীন গোহাঁই ওৰফে ধনী নামৰ লোক এজনক হাতী চাবলৈ ওলাই যোৱা সময়তে মাকুম জ্যোতিনগৰৰ নুলেন বড়া ওৰফে গ্ৰেজাই নামৰ লোক এজনে কিবা কাৰণত বেয়াকৈ মাৰপিট কৰাত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

বলীন গোহাঁইৰ ভাতৃয়ে জনোৱা মতে, কেইবাজনো লোকে মাৰপিট কৰে বলীন গোহাঁইক ৷ সংকটজনক অৱস্থাত ৰাস্তাৰ কাষত পেলাই থৈ যায় ৷ পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও জৰুৰীকালীনভাৱে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় ৷ মঙলবাৰে চিকিৎসালয়তে মৃত্যু বৰণ কৰে বলীন গোহাঁয়ে । মৃত বলীন গোহাঁই ওৰফে ধনী এজন ক্ষুদ্ৰ চাহ খেতিয়ক আছিল ৷ ইপিনে হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হোৱা নুলেন বড়া ওৰফে গ্ৰেজাই অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মৰত এজন কৰ্মচাৰী ।

বুধবাৰে সন্ধ্যা প্ৰায় ৮ মান বজাত বলীন গোহাঁইৰ মৃতদেহ নিজ বাসগৃহলৈ অনা হয় আৰু আজি বৃহস্পতিবাৰে পুৱা মৃতদেহ লৈ মাকুম ট্ৰেফিক পইণ্টৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ধূলিজানবাসী ৰাইজ, দল-সংগঠনো একগোট হৈ মৃত ব্যক্তিৰ পৰিয়াললৈ ক্ষতিপূৰণ বিচাৰি পথ অৱৰোধ কৰি প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে । মৃত ব্যক্তিজনৰ ছোৱালী দুজনীৰ পঢ়া-শুনাৰ দায়িত্ব লোৱাৰ লগতে পৰিয়ালৰো সম্পূৰ্ণ দায়িত্ব লিখিত হিচাপে দিয়া দাবীৰে এনেদৰে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদত উত্তাল কৰি তোলে ৰাজপথ । লগতে হত্যাকাৰী নুলেন বড়া ওৰফে গ্ৰেজাইক আৰক্ষীয়ে আটক কৰিলে যদিও উচিত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে । ইতিমধ্যে ঘটনাস্থলীত মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ ৰাজ বৰুৱা, তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক পুলকেশ ৰাভাৰ লগতে দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :Murder in Dibrugarh: টেঙাখাটত ভায়েকে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে ককায়েকক

ABOUT THE AUTHOR

...view details