অসম

assam

Reporters protest in Tinsukia : ন্যায়ৰ দাবীত কাকপথাৰ আৰক্ষী থানাৰ সন্মুখত ক’লা বেজ পৰিধান কৰি সাংবাদিকৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 10:09 AM IST

কাকপথাৰ আৰক্ষী থানাৰ সন্মুখত ক’লা বেজ পৰিধান কৰি সাংবাদিকৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সাংবাদিকৰ অভিযোগ, বিনা কাৰণত সাংবাদিক মিন্টু তালুকদাৰক থানাত বহাই হাৰশাস্তি কৰিছে আৰক্ষীয়ে ৷

Tinsukia Kakopothar reporters protest against police
ক’লা বেজ পৰিধান কৰি সাংবাদিকৰ প্ৰতিবাদ

ক’লা বেজ পৰিধান কৰি সাংবাদিকৰ প্ৰতিবাদ

তিনিচুকীয়া, 7 নৱেম্বৰ :তিনিচুকীয়া জিলাৰ কাকপথাৰ প্ৰেছ ক্লাৱৰ সম্পাদক তথা ৰাজ্যৰ এটা ছেটেলাইট চেনেলৰ লগতে এখন অসমীয়া কাকতৰ কাকপথাৰ সংবাদদাতা মিন্টু তালুকদাৰক কাকপথাৰ আৰক্ষী থানাত বহাই মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ তুলিছে মিন্টু তালুকদাৰ আৰু তেওঁৰ সতীৰ্থই ৷ যাৰ ফলস্বৰূপে সোমবাৰে বিয়লি কাকপথাৰ আৰক্ষী থানাৰ সন্মুখত সাংবাদিকসকলে ক’লা বেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

মিণ্টু তালুকদাৰে জানিব দিয়া অনুসৰি, তেওঁ কাকপথাৰৰ হিন্দী বিদ্যালয়ত সংঘটিত এটা দুৰ্নীতিৰ সন্দৰ্ভত এগৰাকী অভিভাৱকে দিলীপ সিং নামৰ শিক্ষকগৰাকীৰ ওপৰত কৰা অভিযোগৰ ভিত্তিত এটা বাতৰি কৰিছিল ৷ এই বাতৰিৰ জৰিয়তে ভুৱা প্ৰচাৰ কৰা বুলি অভিযোগকাৰীয়ে লিখিতভাৱে কাকপথাৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰে ৷

ইয়াৰ পাচতে কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বকুল ইংতিয়ে সাংবাদিকগৰাকীক থানালৈ মাতি প্ৰায় দুঘন্টা সময় বহাই ৰাখি মানসিকভাৱে হাৰাশাস্তি কৰে বুলি তেওঁ মন্তব্য কৰে ৷ এই ঘটনাৰ পাচতে কাকপথাৰ প্ৰেছ ক্লাৱৰ লগতে তিনিচুকীয়া জিলা সাংবাদিক সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু, আটাছু, কলিতা জনগোষ্ঠী যু্ৱ ছাত্ৰ পৰিষদ, কাকপথাৰ হিন্দুস্তানি দুৰ্গা পূজা সমিতিৰ লগতে বিভিন্ন দল সংগঠন গৰজি উঠে ৷

আনকি তেওঁলোকে এগৰাকী সাংবাদিকক দুৰ্নীতি, অনিয়মৰ ওপৰত বাতৰি কৰাৰ স্বাধীনতা খৰ্ব কৰাৰ সন্দৰ্ভত কাকপথাৰ দিলীপ সিং নামৰ শিক্ষকগৰাকীৰ লগতে কাকপথাৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ ওপৰত তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষক, জিলা শিক্ষা বিষয়াক আহ্বান জনায় ৷

উল্লেখ্য যে, কাকপথাৰ হিন্দী বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীৰ লগতে দিলীপ সিং নামৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে পূৰ্বেও বহু অভিযোগ আছে ৷ আনকি এওঁলোকৰ বিৰুদ্ধে জিলা আয়ুক্ত কাৰ্যালয়, জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰা হৈছিল যদিও আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷ এই ভাষ্য তিনিচুকীয়া সাংবাদিক সমাজৰ ৷ সেয়ে এই সন্দৰ্ভত অসম আৰক্ষী সঞ্চালকগৰাকীৰ লগতে মুখ্যমন্ত্ৰীকো নজৰ দিবলৈ দাবী জনাইছে তিনিচুকীয়া সাংবাদিক সমাজে ৷

লগতে পঢ়ক :Sonitpur Trade Fair : শোণিতপুৰ বাণিজ্য মেলাত মন্ত্ৰী বিমল বড়া

ABOUT THE AUTHOR

...view details