অসম

assam

উৎকোচ লোৱাৰ সময়তে হাতে-লোটে আটক আবকাৰী বিষয়া

By

Published : May 6, 2021, 1:58 PM IST

বৃহস্পতিবাৰে তিনিচুকীয়াত উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰে আবকাৰী অধীক্ষক মানস জ্যোতি দাস ৷ আবকাৰী অধীক্ষকগৰাকীৰ কক্ষতে দাসক মাৰাথন জেৰা চলাই দুৰ্নীতি নিবাৰক শাখাই ৷

excise officer arrested
তিনিচুকীয়াত আবকাৰী বিষয়া আটক

তিনিচুকীয়া, 6 মে’:তিনিচুকীয়াত বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল জিলা আবকাৰী অধীক্ষক মানস জ্যোতি দাস ৷ উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰে আবকাৰী অধীক্ষকগৰাকী ৷ তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ আবকাৰী বিভাগৰ অধীক্ষকগৰাকীৰ কক্ষতে দাসক মাৰাথন জেৰা চলাইছে দুৰ্নীতি নিবাৰক শাখাই ৷

তিনিচুকীয়াত আবকাৰী বিষয়া আটক

জানিব পৰা মতে, অৰ্জুন ভাস্ফৰ নামৰ যুৱকজনে অভিযুক্ত মানস জ্যোতি দাসৰ সকলো টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ধেমাজিৰ পৰা তিনিচুকীয়ালৈ বদলি হৈছিল আবকাৰী অধীক্ষকগৰাকী ৷ অভিযুক্ত বিষয়াগৰাকীৰ বিৰুদ্ধে জিলাখনৰ প্ৰতিখন সুৰা বিপনীৰ পৰা প্ৰতিমাহে 2000 টাকাকৈ সংগ্ৰহ কৰাৰ অভিযোগো উত্থাপন হৈছে ৷

লগতে পঢ়ক :শপত গ্ৰহণৰ বাবে সাজু ৰাজভৱন: অনিশ্চয়তাত শপত লওতাৰ নাম

ABOUT THE AUTHOR

...view details