অসম

assam

ডুমডুমাত বোকাময় পথৰ বাবে অতিষ্ঠ জনসাধাৰণ

By

Published : Jun 8, 2021, 5:13 PM IST

125 নং ডুমডুমা বিধানসভা সমষ্টিৰ কাকজান গাঁও পঞ্চায়তৰ অন্তৰ্গত পিঠাগুটি গাঁৱৰ এটা পথৰ বিধ্বস্ত ৰূপ ৷ পথটোৰ দুৰাৱস্থাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে গাঁওবাসীয়ে ৷ এজাক বৰষুণতে বোকাময় হৈ পৰে পথটো ৷

poor-road-condition
বোকাময় পথৰ বাবে অতিষ্ঠ জনসাধাৰণ

ডুমডুমা,8 জুন : তিনিচুকীয়া জিলাৰ 125 নং ডুমডুমা বিধানসভা সমষ্টিৰ কাকজান গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন গাঁৱৰ ৰাইজে এটা বিধস্ত বোকাময় পথৰ বাবে যমৰ যাতনা ভুগিবলগীয়া হৈছে । ডুমডুমা সমষ্টিৰ কাকজান গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং পিঠাগুটি গাঁৱৰ লোকসকলে বাৰিষা আহিলেই পথটোৰ বাবে জীয়াতু ভুগিবলগীয়া হয় ।

বোকাময় পথৰ বাবে অতিষ্ঠ জনসাধাৰণ

এই পথেৰে দৈনিক সহস্ৰাধিক মানুহ অহা-যোৱা কৰে যদিও এজাক বৰষুণতে পথটো বোকাময় হৈ পৰে । যাৰ ফলস্বৰূপে স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী তথা সাধাৰণ ৰাইজে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হয় । চৰকাৰ পৰিৱৰ্তন হোৱাৰ সমান্তৰালকৈ ডুমডুমা সমষ্টিৰ বিধায়কো কেইবাবাৰো সলনি হোৱাৰ পাচতো আজি পৰ্যন্ত গাঁওখনৰ সমস্যাৰ সমাধান নোহোৱা বুলি অভিযোগ উত্থাপন কৰি অতিষ্ঠ ৰাইজে অতি শীঘ্ৰে বোকাময় পথটো নিৰ্মাণ কৰিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক :বজাৰৰ অভাৱ: পানীৰ দামত বিক্ৰী হৈছে কৃষকৰ ফচল

ABOUT THE AUTHOR

...view details