অসম

assam

Drug mafia in Tinsukia: ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে সৰৱ হ’ল ৰাইজ; আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ জনতা

By

Published : Apr 8, 2023, 12:09 PM IST

আৰক্ষীলৈ আৰু বাট নাচাই অৱশেষত ৰাইজেই ড্ৰাগছ মাফিয়াক ধৰি গতাই দিলে আৰক্ষীক ৷ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’ল তিনিচুকীয়াত (People protest against drug mafia) ৷ সবিশেষ আগলৈ-

People protest against drug mafia in tinsukia
ড্ৰাগছ মাফিয়া

আৰক্ষীক সকীয়নি জনতাৰ

তিনিচুকীয়া, ৭ এপ্ৰিল :বাঘজান আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি । ড্ৰাগছ মাফিয়াই ৰাইজক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ । আৰক্ষীলৈ আৰু কিমান দিন বাট চাব ? ড্ৰাগছৰ বিৰুদ্ধে ৰাইজে আৰক্ষীক বাৰম্বাৰ অভিযোগ, আবেদন-নিবেদন জনাই অহাৰ পাচতো ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা নলয় । সেইবাবে এইবাৰ ড্ৰাগছ মাফিয়াক কৰায়ত্ত কৰিবলৈ ৰাইজ নিজেই উলাই আহিল । বাঘজান আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ কৰদৈগুৰি অঞ্চলৰ বিভিন্ন দল-সংগঠন, যুৱক সংঘ, মহিলা সমিতি আদি একত্ৰিত হৈ শুকুৰবাৰে এক ড্ৰাগছ বিৰোধী অভিযান চলায় । ৰাইজৰ অভিযানত কুখ্যাত ড্ৰাগছ মাফিয়া মন্টু মৰাণৰ লগতে কোমল মৰাণক ৰাইজে হাতে- লোটে কৰায়ত্ত কৰে (Drug mafia in Tinsukia) ।

উল্লেখযোগ্য যে, কুখ্যাত ড্ৰাগছ মাফিয়া মন্টু মৰাণ আৰু কোমল মৰাণে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা মাৰাত্মক ড্ৰাগছৰ অবৈধ তথা ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ উত্থাপন কৰি এই দুই ড্ৰাগছ মাফিয়াক কৰায়ত্ত কৰিবলৈ দাবী জনাই দুদিন পূৰ্বে বাঘজান আৰক্ষী থানা ঘেৰাও কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল । কিন্তু আৰক্ষীয়ে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস গোটাব নোৱাৰিলে । যাৰ বাবে ৰাইজে শুকুৰবাৰে নিজেই অভিযান চলাই কুখ্যাত ড্ৰাগছ মাফিয়া দুটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

ইফালে, নিৰন্ত বৰুৱা নামৰ আন এটা কুখ্যাত ড্ৰাগছ মাফিয়াই মন্টু মৰাণক লুকুৱাই ৰাখিছিল আৰু ৰাইজে বিচাৰি যাওঁতে ৰাইজক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপিত হৈছে । ইয়াৰ পাচতেই আৰক্ষীৰ বিৰুদ্ধে ক্ষোভিত হৈ ৰাইজে আৰক্ষীক ঘেৰি লৈ বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰে । এই ঘটনাকলৈ বাঘজান থানাৰ সন্মুখভাগত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে অৰ্ধসামৰিক বাহিনী, মহিলা আৰক্ষী নিয়োগ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয় (People protest against drug mafia) ৷

এই সন্দৰ্ভত বাঘজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে নতুনকৈ যোগদান কৰাৰ কাৰণে অঞ্চলসমূহ তেওঁৰ বাবে নতুন হৈ আছে কাৰণে এইক্ষেত্ৰত কিছু অসুবিধা হোৱা বুলি ক্ষোভিত ৰাইজৰ আগত উল্লেখ কৰে ৷ কিন্তু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী নতুন হ’ল বুলিয়েই যে শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি নাম উল্লেখ কৰাৰ পাচতো ড্ৰাগছ ব্যৱসায়িক বিচাৰি নাপাব অসম চৰকাৰৰ স্মাৰ্ট আৰক্ষীৰ সেই কথা মানি ল’বলৈ বিচৰা নাই ৰাইজে ৷ ড্ৰাগছৰ বিৰুদ্ধে বাঘজান আৰক্ষী থানাত দুদিনকৈ প্ৰতিবাদ কৰি ৰাইজে কৰায়ত্ব কৰি ড্ৰাগছ মাফিয়াক গতাই দিয়াৰ পাচত আৰক্ষীয়ে কেনে পদক্ষেপ ল’ব সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ’ব (Tinsukia drug mafia case) ৷

লগতে পঢ়ক :Assam Covid update: দেশত পুনৰ ক'ভিডৰ দ্ৰুত সম্প্ৰসাৰণক লৈ স্বাস্থ্যমন্ত্ৰীৰ বৈঠক

ABOUT THE AUTHOR

...view details