অসম

assam

গুইজান হাইস্কুলৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰা আৰু সঞ্জয় কিষাণৰ

By

Published : Jun 13, 2020, 5:20 PM IST

মন্ত্ৰী অতুল বৰা সহিতে মন্ত্ৰী সঞ্জয় কিষাণে শনিবাৰে তিনিচুকীয়াৰ গুইজান হাইস্কুলৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি,ৰাইজৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে

minister atul borah and sanjay kishan visited Shelter camp of baghjan
minister atul borah and sanjay kishan visited Shelter camp of baghjan

তিনিচুকীয়া,13 জুনঃ শনিবাৰে তিনিচুকীয়াৰ গুইজান হাইস্কুলৰ আশ্ৰয় শিবিৰৰ লগতে মাগুৰি মতাপুং বিল পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰা সহিতে মন্ত্ৰী সঞ্জয় কিষাণে ৷ জানিব পৰা মতে, বাঘজান তৈলখাদৰ বিস্ফোৰণৰ পিচৰে পৰাই স্থানীয় অঞ্চসমূহত হৈছে ভূইকঁপ সদৃশ জোকাৰণিৰ ৷ এনে পৰিৱেশ সৃষ্টিৰ পিচতে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলক শনিবাৰে সাক্ষাৎ কৰিলে মন্ত্ৰী কেইগৰাকীয়ে ৷

গুইজান হাইস্কুলৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰা আৰু সঞ্জয় কিষাণৰ

ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লৈ শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলক খাদ্য সামগ্ৰীৰ লগতে তেওঁলোকৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই ৷ বাঘজান অগ্নিকাণ্ডৰ পূৰ্বেই অহৰহভাৱে গেছ,তেল নিৰ্গত হৈ থকাৰ ফলত বাঘজানৰ বৃহৎ অঞ্চলৰ খেতিপথাৰৰ লগতে, মাগুৰি মতাপুং বিলৰ পানী পৰীক্ষাৰ লগতে তেল নিষ্কাষণ কৰিবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক নিৰ্দেশ দিয়া হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃতিনিচুকীয়াত প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details