ETV Bharat / state

তিনিচুকীয়াত প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Jun 13, 2020, 3:25 PM IST

অচিৰেই বাঘজান তৈলখাদৰ অগ্নিকাণ্ড ৰোধ কৰা আৰু ক্ষতিগ্ৰস্তক উচিত ক্ষতিপূৰণৰ প্ৰদান কৰাৰ দাবী প্ৰতিবাদকাৰী সকলৰ ৷

v
তিনিচুকীয়াত প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

তিনিচুকীয়া,13 জুন: অচিৰেই বাঘজান তৈলখাদৰ অগ্নিকাণ্ড ৰোধ কৰা আৰু ক্ষতিগ্ৰস্তক উচিত ক্ষতিপূৰণৰ প্ৰদান কৰাৰ দাবীৰে তিনিচুকীয়াত অসম প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ ৷ শনিবাৰে তিনিচুকীয়াৰ থানা চাৰিআলিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শতাধিক প্ৰদেশ কংগ্ৰেছৰ কৰ্মীয়ে ৷ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে মুখপাত্ৰ কমল মেধিৰ উপস্থিতিত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

তিনিচুকীয়াত প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

উল্লেখ্য যে,বাঘজানৰ অগ্নিকাণ্ডৰ ঘটনাৰ উচিত তদন্তৰো দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷ লগতে দিহিং পাটকাইত কয়লাৰ মুক্ত খনন আৰু ডিব্ৰু ছৈখোৱাত হাইড্ৰকাৰ্বনৰ খননৰ বাবে দিয়া অনুমতি প্ৰত্যাহাৰ কৰাৰ বাবে তীব্ৰ ভাষাৰে দাবী উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ কৰ্মীসকলে ৷

লগতে পঢ়কঃ কা আন্দোলনত জড়িত হোৱাৰ অভিযোগত নগাঁৱৰ তিনি শিক্ষকক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.