অসম

assam

বিৰোধী ঐক্যমঞ্চৰ বাবে ভয় খাইছে বিজেপিয়ে: লুৰীণজ্য়োতি গগৈ

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 9:32 PM IST

Interview With Lurinjyoti Gogoi: ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব নেকি লুৰীণজ্যোতি গগৈয়ে ? বিৰোধী ঐক্যমঞ্চৰ বিৰুদ্ধে আজমলক কোনে কিয় লগাইছে ? এনে বহুকেইটা বিষয়ত লুৰীণজ্যোতি গগৈৰ সৈতে সাংবাদিক বিবেক বড়াৰ Exclusive Interview.

ajp president Lurinjyoti Gogoi
লুৰীণজ্যোতি গগৈৰ সৈতে সাংবাদিক বিবেক বড়াৰ সাক্ষাৎকাৰ

লুৰীণজ্যোতি গগৈৰ সৈতে সাংবাদিক বিবেক বড়াৰ সাক্ষাৎকাৰ

তিনিচুকীয়া, ১৬ ডিচেম্বৰ :সমাগত লোকসভা নিৰ্বাচন ৷ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধি আৰম্ভ কৰিছে কুচকাৱাজ, ব্যতিক্ৰম নহয় অসমত নতুনকৈ জন্ম লাভ কৰা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদো ৷ অসম জাতীয় পৰিষদে জন্ম লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সাজু হৈছে কংগ্ৰেছকে আদি কৰি উমৈহতীয়া বিৰোধী মঞ্চৰ সৈতে ৷

আজি তিনিচুকীয়াত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সৈতে হোৱা ETV Bharat, অসমৰ আছুতীয়া সাক্ষাৎকাৰত গগৈয়ে আগন্তুক লোকসভা নিৰ্বাচনত শাসকীয় দলটোৰ বিৰুদ্ধে উমৈহতীয়া বিৰোধী মঞ্চই এগৰাকী প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰে ৷

বিৰোধী ঐক্যমঞ্চৰ ভোট যাতে বিভাজন নহয় তাৰ প্ৰতি গুৰুত্ব দিয়া হৈছে আৰু বিৰোধী মঞ্চ এক হোৱাৰ বাবেই শাসকীয় দলটো তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভয় খাইছে বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷ সেইবাবে বিৰোধী মঞ্চৰ মাজত কন্দল লগাবলৈ এই আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলক লগাই দিছে বুলি কয় অজাপৰ সভাপতিগৰাকীয়ে ৷

ইফালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি চৰ্চা চলি থকাৰ সন্দৰ্ভত কোনো কথা স্পষ্টকৈ উল্লেখ নকৰে যদিও চৰ্চিত বিষয়ৰ সন্দৰ্ভত ৰাইজক সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰে আৰু আগন্তুক দিনসমূহত ৰাইজক কেতিয়াও কোনো কাৰণতেই প্ৰত্যাৰণা নকৰে বুলি উল্লেখ কৰে ৷

সমান্তৰালভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে দলীয় টিকট বিচাৰি এক লাখ টকা প্ৰদান কৰিছে আৰু আপৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰেও দলীয় প্ৰাৰ্থিত্ব বিচাৰি সাংগঠনিক ভেটি কটকটীয়া কৰাত ব্যস্ত হোৱাৰ সন্দৰ্ভতো লুৰীণজ্যোতি গগৈয়ে মন্তব্য কৰে ৷ তেওঁ কয় যে সকলোৱে ইচ্ছা প্ৰকাশ কৰিব পাৰে, দলৰ মজিয়াত কথা-বাৰ্তা চলি আছে আৰু দলীয় মঞ্চত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব ৷

লগতে পঢ়ক :27 ডিচেম্বৰত ধুবুৰীত বিৰোধী ঐক্যমঞ্চৰ জনসভা

ABOUT THE AUTHOR

...view details