অসম

assam

Drugs seized in Tinsukia: তিনিচুকীয়াত হেৰ’ইনসহ চাৰি সৰবৰাহকাৰী আটক

By

Published : Jan 23, 2023, 9:27 AM IST

তিনিচুকীয়াত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ শেহতীয়াকৈ তিনিচুকীয়া চহৰৰ পাঁচআলিৰ পৰা আৰক্ষীয়ে তিনি মহিলাসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় (Anti drugs mission in Tinsukia) ৷ আটকাধীন চাৰি সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে ২৪.১৮ গ্ৰাম হেৰ’ইনসহ নগদ ৩০ হাজাৰ টকা জব্দ কৰে (Heroine Seized in Tinsukia)৷

Drugs seized along with 4 peddler detained in Tinsukia
তিনিচুকীয়াত হেৰ’ইনসহ চাৰি সৰবৰাহকাৰী আটক

তিনিচুকীয়াত হেৰ’ইনসহ চাৰি সৰবৰাহকাৰী আটক

তিনিচুকীয়া, 23 জানুৱাৰী: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী তথা প্ৰশাসনে কঠোৰ অভিযান চলাই আহিছে (Anti Drugs Mission at in Assam)৷ কিন্তু তাৰ পিছতো গা ল’ৰা নাই সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে ন ন কৌশল অবলম্বন কৰি আৰক্ষীৰ চকুত ধুলি ছটিয়াই এই সৰবৰাহকাৰীয়ে চলাই গৈছে নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা (Anti drugs mission in Tinsukia) ৷ ইয়াৰ মাজতে শনিবাৰে তিনিচুকীয়াত বুজন পৰিমানৰ ড্ৰাগছসহ চাৰি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় তিনিচুকীয়া আৰক্ষী (Drugs peddlers arrested in Tinsukia) ৷

শনিবাৰে তিনিচুকীয়া আৰক্ষীয়ে লাভ কৰা বিশেষ খবৰৰ ভিত্তিত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁই আৰু চহৰ পৰিদৰ্শক ভাস্কৰ ৰাজ বৰুৱাৰ নেতৃত্বত অভিযান চলাই তিনিচুকীয়া চহৰৰ পাঁচআলিৰ পৰা ড্ৰাগছসহ চাৰি সৰবৰাহকাৰীক আটক কৰে ৷ আটকাধীন চাৰি সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে ২৪.১৮ গ্ৰাম সন্দেহজনক হেৰ’ইনসহ নগদ ৩০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় (Heroine Seized in Tinsukia) ৷

আটকাধীন সৰবৰাহকেইটা হ’ল মাৰ্ঘেৰিটাৰ আলুবাৰীৰ বিশ্বজিৎ তামুলী আৰু তামুলী পৰিয়ালৰ তিনিগৰাকী মহিলা ৷ পৰৱৰ্তী সময়ত আটাইকে তিনিচুকীয়া আৰক্ষীয়ে আটক কৰি সদৰ আৰক্ষী থানালৈ লৈ যায় ৷ ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ৷

তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই জানিব দিয়া অনুসৰি, হেৰ’ইনখিনি ডিমাপুৰৰ পৰা অবাধ অসম এক্সপ্ৰেচৰ জৰিয়তে মহিলাগৰাকীয়ে নিজৰ দেহত লুকুৱাই আনিছিল ৷ ধৃত আটাইৰে প্ৰকৃত ঘৰ মাৰ্ঘেৰিটাত যদিও তিনিচুকীয়াৰ পাঁচআলিত ভাড়াতীয়া হিচাপে আছিল ৷ পৰৱৰ্তী সময়ত তদন্তৰ সময়ত আৰু তথ্য লাভ কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিলে আৰক্ষীয়ে ৷ ইতিমধ্যে আৰক্ষীৰ তিনিওকে শোধা–পোছা অব্যাহত আছে ৷

উল্লেখ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তত নিচাযুক্ত সামগ্ৰীৰ অবৈধ ৰমৰমীয়া বেহাখন চলি আছে ৷ যেৱা 21 জানুৱাৰীত গুৱাহাটীত মহানগৰীৰ শালবাৰী অঞ্চলত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় নুনমাটি আৰক্ষীয়ে ৷ আৰক্ষীৰ দলটোৱে অভিযানৰ সময়ত এগৰাকী মহিলাসহ ৩ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(Drugs peddler arrested at Guwahati)। নুনমাটি আৰক্ষীয়ে আটক কৰা ড্ৰাগছ ব্যৱসায়ীকেইটা ক্ৰমে নুনমাটিৰ শালবাৰীৰ নুৰ ইছলাম, চুটন দাস আৰু ফাটিমা বেগম ।

লগতে পঢ়ক:3 drug peddlers nabbed: নুনমাটিত মহিলাসহ ৩ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details