3 drug peddlers nabbed: নুনমাটিত মহিলাসহ ৩ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ

By

Published : Jan 21, 2023, 9:23 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে গুৱাহাটীত অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে(Anti Drugs Mission at Guwahati) । এই অভিযানৰ অংশস্বৰূপে শুকুৰবাৰে নিশা মহানগৰীৰ শালবাৰী অঞ্চলত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় নুনমাটি আৰক্ষীয়ে ৷ আৰক্ষীৰ দলটোৱে অভিযানৰ সময়ত এগৰাকী মহিলাসহ ৩ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(Drugs peddler arrested at Guwahati ) ।

নুনমাটি আৰক্ষীয়ে আটক কৰা ড্ৰাগছ ব্যৱসায়ীকেইটা ক্ৰমে নুনমাটিৰ শালবাৰীৰ নুৰ ইছলাম, চুটন দাস আৰু ফাটিমা বেগম বুলি জানিব পৰা হৈছে । নুনমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰশান্ত বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান ৷ আৰক্ষীৰ দলটোৱে ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা ৪ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, ২৭ টা খালি কণ্টেইনাৰৰ লগতে নগদ ধন জব্দ কৰে(Assam Police anti Drug campaign) ।

আৰক্ষীয়ে আটক কৰা ড্ৰাগছ ব্যৱসায়ী ফাটিমা বেগম আৰু নুৰ ইছলাম সম্পৰ্কত স্বামী-স্ত্ৰী । আৰক্ষী সূত্ৰে জানিব পৰা মতে, ফাটিমা বেগম আৰু নুৰ ইছলামে নুনমাটিৰ শালবাৰীত ভাৰাঘৰত থাকি দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই আহিছিল । ইফালে আনটো সৰবৰাহকাৰী চুটন দাসো ড্ৰাগছ ব্যৱসায়ত জৰিত ৷ ধৃত সৰবৰাহকাৰীটোৱে জব্দকৃত ড্ৰাগখিনি ফাটিমা আৰু নুৰৰ পৰা ক্ৰয় কৰিবলৈ অহাৰ সময়তে নুনমাটি আৰক্ষীয়ে হাতে-লোটে তিনিওকে আটক কৰে(Three Drug Peddlers Held at Guwahati) ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.