অসম

assam

মাৰ্ঘেৰিটাত ক’ল ইণ্ডিয়াৰ কাণ্ডজ্ঞানহীন কাৰ্য, প্ৰদূষিত টিপং নৈ

By

Published : Aug 20, 2022, 7:04 PM IST

কেমিকেলযুক্ত পানী সেৱন কৰিবলগা হৈছে প্ৰায় ৭ খনতকৈ অধিক গাঁৱৰ লোকে (People consume water containing chemicals in Tinsukia) । যাৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হৈছে ৷

Coal India
Coal India

তিনিচুকীয়া, ২০ আগষ্ট :তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটাত ক’ল ইণ্ডিয়াৰ (unintelligible work of Coal India at Margherita) কাণ্ডজ্ঞানহীন কাৰ্য ৷ টিপং নৈলৈ ক’ল ইণ্ডিয়াই কঢ়িয়াই আনিছে চৰম ভাবুকি (Coal India poses grave threat to Tipong river) ৷ গেছ আৰু কেমিকেলযুক্ত পানী পাম্পেৰে এৰি দিছে নৈৰ বুকুত ৷

কেমিকেলযুক্ত পানী সেৱন কৰিবলগা হৈছে প্ৰায় ৭ খনতকৈ অধিক গাঁৱৰ লোকে (People consume water containing chemicals in Tinsukia) । যাৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হৈছে ৷ উল্লেখ্য যে টিপং কলিয়ৰী বন্ধ হৈ যোৱাৰ পাছত ক’ল ইণ্ডিয়া কৰ্তৃপক্ষৰ কৰ্মকাণ্ডই এতিয়া স্থানীয় ৰাইজক ঠেলি দিছে মহা সংকটলৈ ৷ কিয়নো কলিয়ৰীৰ পৰা নিৰ্গত বিষাক্ত দ্ৰব্য, গেছ আৰু কেমিকেলযুক্ত পানী তেওঁলোকে এৰি দিছে টিপং নৈত ।

মাৰ্ঘেৰিটাত ক’ল ইণ্ডিয়াৰ কাণ্ডজ্ঞানহীন কাৰ্য, প্ৰদূষিত টিপং নৈ

উল্লেখ্য যে ক'ল ইণ্ডিয়া চলি থকাৰ সময়ত খোৱাপানী যোগান ধৰি আহিছিল কৰ্তৃপক্ষই (Coal India supplied drinking water) । কিন্তু ক'ল ইণ্ডিয়া বন্ধ হোৱাত যোৱা কেইবা মাহৰো আগৰে পৰা ক’ল ইণ্ডিয়া কৰ্তৃপক্ষই স্থানীয় ৰাইজক পানী যোগান দিয়া বন্ধ কৰি দিয়াৰ ফলত স্থানীয় লোকসকলে একমাত্ৰ টিপং নৈৰ পানী ব্যৱহাৰ কৰিবলগীয়া হৈছে । যিখন নৈত ক’ল ইণ্ডিয়াই এৰি দিছে বিষাক্ত গেছ আৰু কেমিকেল (Coal India releases toxic gases and chemicals in Tipong) ৷

ফলত বহু লোক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাত চিন্তিত হৈ পৰিছে উক্ত অঞ্চলটোৰ বাসিন্দাসকল (residents suffering from incurable diseases) ৷ বিগত সময়ছোৱাত অঞ্চলবাসীৰ এনে সমস্যা সমাধানৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । ইয়াৰ ওপৰত শীঘ্ৰে ক’ল ইণ্ডিয়াই যাতে পদক্ষেপ গ্ৰহণ কৰে তাৰ বাবে সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছে স্থানীয় ৰাইজ তথা দল-সংগঠনে ৷

লগতে পঢ়ক :অবৈধ বালি খননে বিপদ মাতিছে বঙাইগাঁৱৰ এটা অঞ্চললৈ

TAGGED:

as10027

ABOUT THE AUTHOR

...view details