অসম

assam

তেজপুৰ মিছামাৰী বায়ুসেনা ঘাটিয়ে লাভ কৰিব 'প্ৰচণ্ড' হেলিকপ্টাৰ

By

Published : Oct 7, 2022, 8:16 PM IST

বায়ুসেনা দিৱসত তেজপুৰ মিছামাৰী বায়ুসেনা ঘাটিত সংযোজিত হ'ব 'প্ৰচণ্ড' (Prachand LCH) লাইট কম্বেট হেলিকপ্টাৰ (Light Combat Helicopter) । অসমত প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ (Line of Actual Control) ওচৰৰ ইষ্টাৰ্ণ কমাণ্ড এলেকাত ই সংযোগ হ'ব ।

LCH
LCH

তেজপুৰ, ৭ অক্টোবৰ : ভাৰতীয় বায়ুসেনাত (Indian Air Force) শেহতীয়াকৈ সংযোজিত নিজ দেশত নিৰ্মিত 'প্ৰচণ্ড' (Prachand LCH) লাইট কম্বেট হেলিকপ্টাৰ (LCH) । অসমত প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ (Line of Actual Control) ওচৰৰ ইষ্টাৰ্ণ কমাণ্ড এলেকাত ইয়াক সংযোগ কৰা হ'ব । এই হেলিকপ্টাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Defence Minister Rajnath Singh) দুৰ্গা পূজাৰ সময়ত ৰাজস্থানৰ যোধপুৰত মুকলি কৰে আৰু নিজে এই হেলিকপ্টাৰত উঠি শুভাৰম্ভ কৰে ।

আৰ্মী এভিয়েচনে এতিয়ালৈকে তিনিখন এনে হেলিকপ্টাৰ অধিগ্ৰহণ কৰিছে আৰু মাহটোৰ শেষলৈকে তেওঁলোকে চতুৰ্থখন হেলিকপ্টাৰ লাভ কৰিব বুলি জানিব পৰা গৈছে । বিশেষ সূত্ৰ মতে, অহা ৮ অক্টোবৰত অৰ্থাৎ শনিবাৰে বায়ুসেনা দিৱসৰ (Air Force Day) দিনা বায়ুসেনাৰ অসমৰ শোণিতপুৰ জিলাৰ মিছামাৰীত এই হেলিকপ্টাৰ সংযোগ কৰিব ।

অৱশ্যে বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ড আৰু প্ৰতিৰক্ষা বিভাগৰ পৰা এই মুহূৰ্তলৈকে এই কথা স্পষ্ট কৰা নাই । এই হেলিকপ্টাৰ হিন্দুস্তান এৰ'নটিক্স লিমিটেড (Hindustan Aeronautics Limited) চমুকৈ এইচ এ এলৰ (HAL) দ্বাৰা ডিজাইন আৰু নিৰ্মাণ কৰা প্ৰথমখন থলুৱা মাল্টি-ৰ’ল কম্বেট হেলিকপ্টাৰ ।

তেজপুৰ মিছামাৰী বায়ুসেনা ঘাটিয়ে লাভ কৰিব 'প্ৰচণ্ড' হেলিকপ্টাৰ

উল্লেখ্য, মিছামাৰী বায়ুসেনাৰ শিবিৰত মাত্ৰ যোৱা বছৰতে এটা নতুন সেনা বিমান পৰিবহণ ব্ৰিগেডো স্থাপন কৰা হৈছিল । বাংগালুৰুত চলিত বৰ্ষৰ জুন মাহত সেনাই প্ৰথমখন লাইট কম্বেট হেলিকপ্টাৰ স্কোৱাড্ৰন স্থাপন কৰিছিল । সেনাৰ 'প্ৰচণ্ড' লাইট কম্বেট হেলিকপ্টাৰ (Light Combat Helicopter) হৈছে দেশত নিৰ্মিত প্ৰথমখন আক্ৰমণকাৰী ঘাটক হেলিকপ্টাৰ আৰু বিশেষভাৱে সেনাবাহিনীৰ বাবে প্ৰথম আক্ৰমণাত্মক হেলিকপ্টাৰ । সূত্ৰ অনুসৰি, বাঙ্গালুৰুত স্থাপন কৰা ৩৫১ নং স্কোৱাড্ৰন অব আৰ্মী এভিয়েচনলৈ তিনিখন লাইট কম্বেট হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছে ।

ইয়াৰ পিছত চলিত মাহৰ শেষৰ ফালে যেতিয়া চতুৰ্থখন হেলিকপ্টাৰ আহিব তেতিয়া স্কোৱাড্ৰনটো মিছামাৰীলৈ স্থানন্তৰ কৰা হ'ব বুলি জানিব পৰা গৈছে । অহা মাহৰ শেষৰ ফালে পঞ্চমখন হেলিকপ্টাৰ সংযোজিত হোৱাৰ আশা কৰা হৈছে ৷

লগতে পঢ়ক :ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে অমিত শ্বাহৰ বৈঠক

ABOUT THE AUTHOR

...view details