অসম

assam

ঘৰৰ ভিতৰত হৰিণাৰ ছাল ৰাখি আৰক্ষীৰ জালত পৰিল ৰাজা আলি

By

Published : Aug 30, 2021, 10:34 PM IST

tezpur man arrested for illegal possession of barking deer skin
ঘৰৰ ভিতৰত হৰিণাৰ ছাল ৰাখি আৰক্ষীৰ জালত পৰিল ৰাজা আলি

তেজপুৰ বাৰীকা চুবুৰীত এজন ব্যক্তিৰ ঘৰৰ পৰা হৰিণাৰ ছাল আৰু আন বন্য প্ৰাণীৰ শৰীৰৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে বন বিভাগে ৷ সম্প্ৰতি লোকজনক আৰক্ষীৰ হাতত গতাই দিছে বন বিভাগে ৷

তেজপুৰ, ৩০ আগষ্ট : তেজপুৰত উত্তৰ অসম বন্য প্ৰাণী সংৰক্ষণ কাৰ্য্যালয়ৰ নেতৃত্বত চলা এক গোপন অভিযানত উদ্ধাৰ হৰিণাৰ ছাল(barking deer skin) আৰু অন্যান্য বন্য প্ৰাণীৰ দেহৰ আপত্তি জনক সামগ্ৰী । গোপন সূত্ৰৰ পম খেদি, তেজপুৰ বাৰীকা চুবুৰীত এজন ব্যক্তিৰ ঘৰৰ পৰা হৰিণাৰ ছাল উদ্ধাৰ কৰাৰ লগতে লোক জনক গ্ৰেপ্তাৰ কৰি আৰক্ষীক গতাই দিয়ে ।

নৰডাৰ্ণ ৰেঞ্জৰ বন্য প্ৰাণী বিভাগৰ বিষয়া দেবাশীষ বৰগোহাঞিৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দলৰ সহযোগিতাত বন বিভাগে ৰাজা আলি নামৰ লোক জনক গ্ৰেপ্তাৰ কৰে । প্ৰাথমিক তদন্তত বন বিভাগৰ আগত লোকজনে জনায় যে, তেওঁৰ সঘনাই অৰুণাচল প্ৰদেশলৈ আহ-যাহ আছে আৰু চুবুৰীয়া ৰাজ্যখনৰ পৰাই এই সামগ্ৰী সমূহ তেওঁ আনি থৈছে ৷

ঘৰৰ ভিতৰত হৰিণাৰ ছাল ৰাখি আৰক্ষীৰ জালত পৰিল ৰাজা আলি

অৱশ্যে, বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে ৷

আনহাতে, বন বিভাগে জনোৱা মতে চোৰাং ভাৱে চিকাৰ( poaching) নকৰাকৈ এই সামগ্ৰী সমূহ লাভ কৰা সম্ভৱ নহ’য় ৷ মন কৰিব লগীয়া বিষয় যে, বন্যপ্ৰাণী সুৰক্ষা আইন 1972(Wild life protection act 1972) ৰ অধীনত উল্লেখ থকা যিকোনো ধৰণৰ জীৱ-জন্তুৰ হত্যাই আইন মতে দণ্ডনীয় ৷

লগতে পঢ়ক :বানৰ মাজতে পোৱালি সহ নিমাতিত গজৰাজৰ মুক্ত বিচৰণ

ABOUT THE AUTHOR

...view details