অসম

assam

Protest in Rangapara: শ্ৰমিকৰ প্ৰতিবাদত উত্তাল ৰঙাপৰাৰ চাহ বাগিচা

By

Published : Aug 11, 2023, 2:05 PM IST

চাহ শ্ৰমিকৰ ১৬ দফীয়া দাবী পূৰণ কৰাৰ দাবীত ৰঙাপৰাত ধৰ্ণা কাৰ্যসূচী । চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ ব্যৱস্থা নকৰিলে পুনৰ আন্দোলনৰ ভাবুকি ।

Assam Chah Mazdoor Sangha
ৰঙাপৰাৰ বিভিন্ন চাহ বাগিচাত প্ৰতিবাদ

ৰঙাপৰাৰ বিভিন্ন চাহ বাগিচাত প্ৰতিবাদ

ৰঙাপৰা, ১১ আগষ্ট:শোণিতপুৰ জিলাৰ ৰঙাপৰাত প্ৰতিখন চাহ বাগিচাত আজি অসম চাহ মজদুৰ সংঘই চাহ শ্ৰমিকৰ ১১ দফীয়া দাবী সমূহ সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । পুৱা ৭ বজাত ৰঙাপৰাৰ বিভিন্ন চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিক উপস্থিত হৈ এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে ।

প্ৰতিকূল বতৰৰ বাধা নেওচি চাহ শ্ৰমিক ৰাইজে হাতে হাতে বেনাৰ লৈ অসম চৰকাৰ হায় হায়, চাহ শ্ৰমিকৰ ১৬ দফীয়া দাবী পূৰণ কৰক, চাহ শ্ৰমিকৰ ন্য়ূনতম মজুৰি ৩৫১ টকা প্ৰদান কৰক, আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰক, চাহ শ্ৰমিকৰ ঠিকা পাতৰ নিৰিখ ২১ কেজি নিৰ্ধাৰণ কৰক, চিকিৎসালয়ত অতি সোনকালে চিকিৎসক নিয়োগ কৰক, অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক, চাহ বাগিচাত ঘৰ মেৰামতিৰ ব্যৱস্থা কৰক,শ্ৰমিক লাইনত শৌচাগাৰ নিৰ্মাণৰ ব্যৱস্থা কৰক, মালিক সন্থা হায় হায়, অসম চৰকাৰ হায় হায়, অসম চাহ মজদুৰ সংঘ জিন্দাবাদ আদি শ্লোগানেৰে চাহ বাগিচাৰ পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰী চাহ শ্ৰমিক ৰাইজে চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ ব্যৱস্থা নকৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰে ।

ইয়াৰ পিচতেই প্ৰতিবাদকাৰীসকলে বাগিচা পৰিচালকৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰম মন্ত্ৰী গৰাকীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি ৰোধ কৰা, চাহ শ্ৰমিকৰ ন্য়ূনতম দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ বাগিচা সমূহত স্থায়ী চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী, ঔষধ, এম্বুলেঞ্চ আদি যোগান ধৰা, অসমৰ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ প্ৰায় ১১২ টা জাতি-উপজাতিক তৎকালে জনজাতিকৰণ কৰা, অসমত আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে ভোগ দখল কৰি থকা ভূমিৰ পট্টা প্ৰদানৰ ব্যৱস্থা কৰা, চাহ বাগিচাৰ পৰা অৱসৰ গ্ৰহণ কৰা শ্ৰমিকসকলক গ্ৰেচুইটি আৰু পি এফৰ ধন সোনকালে দিয়াৰ ব্যৱস্থাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে ।

লগতে পঢ়ক:Wild Elephant and Rhino terror: উজনি-নামনি মাজুলীৰত গঁড় হাতীৰ ত্ৰাস; শংকিত মাজুলীয়াল

ABOUT THE AUTHOR

...view details