Wild Elephant and Rhino terror: উজনি-নামনি মাজুলীৰত গঁড় হাতীৰ ত্ৰাস; শংকিত মাজুলীয়াল

By

Published : Aug 11, 2023, 11:50 AM IST

thumbnail

মাজুলী, 11 আগষ্ট : মাজুলীৰ উজনি-নামনি সকলোতে অব্যাহত আছে গঁড় আৰু হাতীৰ ত্ৰাস । বিগত কেইবামাহ ধৰি মাজুলীৰ বিভিন্ন অঞ্চলত গঁড়ৰ লগতে বনৰীয়া হাতীৰ বৃহৎ জাকে টোপনি হৰিছে মাজুলীয়ালৰ ৷ কিছু দিন পূৰ্বেও মাজুলী আৰু টীয়কৰ মাজৰ চাপৰিত হাতী আৰু গঁড়ৰ জাকে মুক্ত বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছিল । এইবাৰ পুনৰ মাজুলীৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত বনৰীয়া হাতীৰ এটা জাক দেখিবলৈ পোৱা গৈছে ৷

শেহতীয়া খবৰ অনুসৰি, মাজুলীৰ দক্ষিণ প্ৰান্তত তিনিটা গঁড়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে । এই গঁড়ৰ জাকে বিনষ্ট কৰিছে ধান-কুঁহিয়াৰৰ খেতি । নিশা হ’লেই আঁহতগুৰি পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন চৰ চাপৰিত থকা কুঁহিয়াৰৰ খেতিত গঁড়ে বিচৰণ কৰে, আনফালে কংস চাপৰিত হাতীয়ে অনিষ্ট কৰিছে কেইবাটাও বাসগৃহত । ফলত দিশহাৰা হৈ পৰিছে মাজুলীবাসী ৷

এই সন্দৰ্ভত বন বিভাগক অৱগত কৰাৰ পাচতো কোনো গুৰুত্ব নিদিয়া অভিযোগ তুলিছে স্থানীয় ৰাইজে । স্থানীয় ৰাইজৰ আহ্বান, শীঘ্ৰে মাজুলীৰ পৰা গঁড় আৰু হাতীৰ জাকটো খেদি পঠোৱাৰ ব্যৱস্থা কৰক বন বিভাগে ।

লগতে পঢ়ক : Wild elephant and Rhino terror: মাজুলীৰ চাপৰিত হাতী গঁড়ৰ বসতি; ভয়ত চাপৰি এৰিছে ম’হ গুৱালে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.