অসম

assam

ক’ভিডৰ সৈতে যুঁজিবলৈ মাৰ বান্ধি থিয় হৈছে শোণিতপুৰৰ জিলাৰ স্বাস্থ্য বিভাগ

By

Published : Jan 7, 2022, 10:23 PM IST

ক’ভিড পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ সাজু হৈছে শোণিতপুৰৰ জিলাৰ স্বাস্থ্য বিভাগ (Himanta Biswa Sarma announces new SOP) । শোণিতপুৰ জিলাত বিগত 7 দিনত ক’ভিড-১৯ ত আক্ৰান্ত হৈছে 72 জন লোক ।

Shonitpur health department ready to deal with the covid situation
ক’ভিডৰ সৈতে যুঁজিবলৈ মাৰ বান্ধি থিয় হৈছে শোণিতপুৰৰ জিলাৰ স্বাস্থ্য বিভাগ

তেজপুৰ, 7 জানুৱাৰী :শুকুৰবাৰে বিয়লি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে নতুনকৈ ক’ভিড-19ৰ নীতি-নিৰ্দেশনা (Himanta Biswa Sarma announces new SOP) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ সাজু হৈ পৰিছে শোণিতপুৰৰ জিলাৰ স্বাস্থ্য বিভাগ । শোণিতপুৰ জিলাত বিগত 7 দিনত 72 জন লোক আক্ৰান্ত হৈছে ক’ভিড-১৯ ত ।

শোণিতপুৰৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জিয়াউদ্দীন আহমেদে (Sonitpur District Joint Director Dr Ziauddin Ahmed) সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে এই কথা ৷ লগতে তেওঁ কয় যে, শোণিতপুৰ জিলাত ডিচেম্বৰ মাহৰ শেষলৈকে ক’ভিড আক্ৰান্তৰ হাৰ আছিল 0.5 শতাংশ ৷ ইয়াৰ বিপৰীতে বৃহস্পতিবাৰৰ দিনটোলৈকে ক’ভিড আক্ৰান্তৰ হাৰ বৃদ্ধি হৈ হৈছেগৈ 3 শতাংশ ৷

বৃহস্পতিবাৰৰ দিনটোত শোণিতপুৰত ক’ভিড-19 ত আক্ৰান্ত হৈছে 29 জন ৷

ক’ভিডৰ সৈতে যুঁজিবলৈ মাৰ বান্ধি থিয় হৈছে শোণিতপুৰৰ জিলাৰ স্বাস্থ্য বিভাগ

ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শোণিতপুৰ স্বাস্থ্য বিভাগে পূৰ্বৰ ক’ভিড কেয়াৰ চেন্টাৰ কেইটাৰ লগতে চৰকাৰী 5 খন চিকিৎসালয়ো সাজু কৰি তুলিছে ৷ ইয়াৰ ভিতৰত ক’ভিড কেয়াৰ চেন্টাৰত 700 খন বিচনা সাজু কৰাৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত 265 খন বিচনা সাজু কৰি তোলা হৈছে ক’ভিড ৰোগীৰ বাবে ৷

লগতে 66 আই চি ইউ বিচনাও সাজু কৰি তুলিছে জিলা স্বাস্থ্য বিভাগে ৷ ইয়াৰ ভিতৰত শিশুৰ বাবে ৩০ খন আই চি ইউ সাজু কৰি ৰখা হৈছে । আনহাতে, শোণিতপুৰ জিলাত ৪ টা অক্সিজেন প্লান্টো সাজু কৰি ৰখা হৈছে ।

তেজপুৰ পৰুৱাৰ ক’ভিড কেয়াৰ কেন্দ্ৰত এটা এই চি ইউ অতি শীঘ্ৰে স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে সঞ্চালক গৰাকীয়ে । লগতে শোণিতপুৰ জিলাত ক’ভিড সম্পৰ্কে সজাগতা অনাৰ বাবে জিলা স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ হাতত লোৱাৰ কথাও সদৰি কৰে শোণিতপুৰৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জিয়াউদ্দীন আহমেদে ৷

উল্লেখ্য যে, শুকুৰবাৰে দিনটোত জিলা খনত ৩৬ জন নতুনকৈ আক্ৰান্ত হৈছে ক’ভিড-19ত ৷ ইয়াৰ বিপৰীতে শুকুৰবাৰৰ দিনটোত ১৬ জন আৰোগ্য হৈ ঘৰলৈ ঘূৰি গৈছে ৷

লগতে পঢ়ক :New SOP in Assam: কি কি আছে নতুন SOP ত ?

ABOUT THE AUTHOR

...view details