অসম

assam

Phani Sharma Smriti Divas: তেজপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন নটসূৰ্য্য ফণী শৰ্মা স্মৃতি দিৱস

By

Published : Jul 21, 2022, 10:46 AM IST

নটসূৰ্য্য ফণী শৰ্মাৰ স্মৃতি দিৱসত তেজপুৰৰ বাণ থিয়েটাৰ কৰ্তৃপক্ষই ২০২২ - ২৩ বৰ্ষৰ "বাণ থিয়েটাৰ বঁটা" প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে (Ban Theatre Award" Award Ceremony)। নটসূৰ্য্য ফণী শৰ্মাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি পাঁচদিনীয়াকৈ বাণ থিয়েটাৰত আয়োজন "নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহ" ৷ প্ৰতি বছৰে 31 জুলাইত অসমীয়া নাট্যজগতৰ প্ৰতি ফণী শৰ্মাৰ অৱদানক সন্মান জনাই পালন কৰা হয় ফণী শৰ্মা স্মৃতি দিৱস ৷

playwright-fani-sharmas-memorial-day-organized-with-huge-programme-in-tezpur
তেজপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন নটসূৰ্য্য ফণী শৰ্মাৰ স্মৃতি দিৱস

তেজপুৰ, 21 জুলাই : তেজপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন নটসূৰ্য্য ফণী শৰ্মাৰ স্মৃতি দিৱস (Fani Sharma's Memorial Day organized programme in Tezpur) ৷ প্ৰতি বছৰেই 31 জুলাইত অসমীয়া নাট্যজগতৰ প্ৰতি ফণী শৰ্মাৰ অৱদানক সন্মান জনাই পালন কৰা হয় ফণী শৰ্মা স্মৃতি দিৱস (Fani Sharma Smriti Diwas celebrated in honour of Fani Sharma's contribution to Assamese theatre) ৷ নটসূৰ্য্য ফণী শৰ্মাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি পাঁচদিনীয়াকৈ বাণ থিয়েটাৰত আয়োজন "নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহ "৷ বাণ থিয়েটাৰ কৰ্তৃপক্ষই এক সংবাদমেলৰ জৰিয়তে সদৰী কৰে এই তথ্য ৷

ৰাজ্যখনৰ নাটশিল্প ক্ষেত্ৰখনৰ পৰা এক জাতীয় অনুষ্ঠানলৈ উত্তৰণ ঘটা ১১৬ বছৰীয়া ঐতিহ্যৰে গৰিমামণ্ডিত তেজপুৰৰ বাণ থিয়েটাৰ কৰ্তৃপক্ষই ২০২২ - ২৩ বৰ্ষৰ "বাণ থিয়েটাৰ বঁটা" অহা ৩১ জুলাইৰ সন্ধিয়া আনুষ্ঠানিক ভাবে প্ৰদান কৰিব ৷

বাণ থিয়েটাৰৰ সেউজকক্ষত আয়োজিত এক সংবাদমেলত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱ চৌধুৰীয়ে চলিত বৰ্ষৰ "বাণ থিয়েটাৰ বঁটা নাজিম আহমেদৰ দৰে নিষ্ঠাবান প্ৰবীণ নাট্যশিল্পীক প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে ।

আনহাতে, ৩১ জুলাইত অনুষ্ঠিত হ’বলগীয়া স্মৃতি দিৱসৰ দিনটোত সন্ধিয়া শ্ৰদ্ধাঞ্জলি আৰু সোঁৱৰণী অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব লোক-সংস্কৃতিৰ বিশিষ্ট গৱেষক তথা মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ অনিল শইকীয়া ৷ লগতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ ৷ উক্ত অনুষ্ঠানতে গুৱাহাটীৰ ৰাজীৱ হৰি কৌশিকৰ "বাণ মঞ্চৰ প্ৰচেষ্টাত "অসমৰ জাতীয় সংগীতৰ সুৰ" শীৰ্ষক গ্ৰন্থ এখনো উন্মোচন কৰাৰ কথা উল্লেখ কৰে বাণ থিয়েটাৰ কৰ্তৃপক্ষই ।

বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ লগতে সাধাৰণ পৰিচালক ভূপেন শৰ্মা, সম্পাদক হেমন্ত কুমাৰ শৰ্মা, সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাৰ উপৰি একাংশ কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থকা সংবাদমেলখনত সাধাৰণ সম্পাদকগৰাকীয়ে প্ৰত্যেক দিনা অনুষ্ঠিত হ'ব লগা বিভিন্ন নাটসমূহৰ বিষয়ে কিছু আভাস দিয়ে ।

উল্লেখ্য যে তেজপুৰৰ ঐতিহাসিক বাণ ৰঙ্গমঞ্চৰ দ্বাৰৰক্ষী হিচাপে ফণী শৰ্মাৰ নাট্যশালাৰ জীৱন আৰম্ভ হৈছিল ৷ পৰৰ্বতী সময়ত ১৯২৮ চনত তেখেতে বাণ ৰঙ্গমঞ্চৰ 'ৰাণা প্ৰতাপ' নাটকত 'আকবৰ'ৰ চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰিছিল ।

লগতে পঢ়ক:মৰাণত বীৰাংগণা সতী সাধনী স্মৃতি দিৱস পালন

ABOUT THE AUTHOR

...view details