ETV Bharat / state

মৰাণত বীৰাংগণা সতী সাধনী স্মৃতি দিৱস পালন

author img

By

Published : Apr 21, 2022, 10:12 PM IST

বিভিন্ন বাৰেৰহণীয়া কাৰ্যসূচীৰে মৰাণত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত বীৰাংগণা সতী সাধনী স্মৃতি দিৱস পালন (Sati sadhini Divas observe at moran)।

sati-sadhini-divas-observe-at-moran
মৰাণত বীৰাংগণা সতী সাধনী স্মৃতি দিৱস পালন

মৰাণ, 21 এপ্ৰিল : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত মৰাণৰ ডোমৰ দলংস্থিত বীৰাংগণা সতী সাধনী প্ৰকল্পৰ ক্ষেত্ৰত বৃহস্পতিবাৰে কেন্দ্ৰীয়ভাৱে সতী সাধনী স্মৃতি দিৱস পালন কৰা হয় (Sati sadhini Divas observe at Moran) ।

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু সদৌ চুতীয়া জাতি সন্মিলন অসমৰ সহযোগত তথা ডিব্ৰুগড় আৰু চৰাইদেউ জিলা , সদৌ চুতীয়া জাতি সন্মিলন, চুতীয়া জাতি যুৱ সন্মিলন, চুতীয়া জাতি মহিলা সন্মিলন আৰু চুতীয়া ছাত্ৰ সন্থাৰ আতিথ্যত পালন কৰা হয় এই দিৱস ৷

পুৱা জাতীয় ধ্বজ্জা উত্তোলনৰ পিছতে মৰাণৰ পৰিদৰ্শন ভৱনৰ পৰা অনুষ্ঠানস্থলীলৈ বাৰেৰহণীয়া এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

মৰাণত বীৰাংগণা সতী সাধনী স্মৃতি দিৱস পালন

এই শোভাযাত্ৰাত কেইবাটাও জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । ইয়াৰ পিছতে অনুষ্ঠিত হয় এখনি মুকলি সভা । ইফালে এই মুকলি সভাত ৰাজ্যৰ কেবিনেট মন্ত্ৰী অতুল বৰা আৰু বিমল বৰাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

মন্ত্ৰী দুজনৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সভাত উপস্থিত থাকি বীৰাংগণা সতী সাধনীৰ সম্পৰ্কে মন্তব্য আগবঢ়াই । এই দিৱসৰ দিনা সতী সাধনী নাট মঞ্চস্থ কৰাৰ লগতে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷

লগতে পঢ়ক : টিংখাঙত ধুমুহাত গছ উভালি পৰাত তিনিগৰাকী মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.