অসম

assam

NHR Special Award: পদ্ম হাজৰিকাক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ বিশেষ বঁটা প্ৰদান

By

Published : May 21, 2023, 10:02 PM IST

Award function in Guwahati

পদ্ম হাজৰিকাক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ বিশেষ বঁটা প্ৰদান (Award function in Guwahati)। গুৱাহাটীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ' অসমৰ ৰাজ্যিক সন্মিলনত প্ৰদান কৰা হয় এই বিশেষ বঁটা ।

তেজপুৰ, ২১ মে': শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক দেওবাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ বিশেষ বঁটা প্ৰদান কৰা হয় (National Human Rights Special Award)। গুৱাহাটী মহানগৰীত আয়োজিত এক বিশেষ অনুষ্ঠানত চতিয়া সমষ্টিৰ বিধায়কগৰাকীক প্ৰদান কৰা হয় এই বিশেষ বঁটা (NHR Award to Padma Hazarika)।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ বিশেষ বঁটা প্ৰদান

ৰাজ্যজুৰি কৃষি বিপ্লৱৰ সূচনা কৰা বাবে আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ' অসমৰ ৰাজ্যিক মানৱ অধিকাৰ সন্মিলনত তেওঁক অসম মানৱ অধিকাৰ বিশেষ বঁটা প্ৰদান কৰা হয় (National Bureau of Human Rights and Crime Invitations)। গুৱাহাটীৰ বিশ্বৰত্ন হোটেলৰ সভাকক্ষত অনুষ্ঠিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ অসমৰ ৰাজ্যিক মানৱ অধিকাৰ সন্মিলনখনিতে প্ৰদান কৰা হয় এই বঁটা ।

পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা দিনযোৰা এই সন্মিলনৰ সৈতে সংগতি ৰাখি আয়োজিত সভাত চতিয়া সমষ্টিৰ বিধায়ক তথা কন্যকা আৰু গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই তেওঁৰ কৃষি কৰ্মৰ লগতে স্ব-নিৰ্ভৰশীলতাৰ পথ দেখুওৱা বিষয় সম্পৰ্কে ব্য়াখ্য়া কৰা হয় । অসমৰ মহিলা সবলীকৰণত আৰ্থিকভাৱে সহায় কৰা বন্ধন বেংকৰ কলকাতাস্থিত মাণ্ডলিক শাখাৰ জ্যেষ্ঠ উপদেষ্টা তথা মুখ্য মাণ্ডলিক বিষয়া সুৰজিত ৰায় চৌধুৰীৰ লগতে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভায়লেট বৰুৱা, বিশিষ্ট লেখক, অধ্যাপক ড৹ মাধুৰ্য মণ্ডিত বৰুৱা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা স্বাতী বিধান বৰুৱাকো এই বঁটা আগবঢ়োৱা হ'ব । ইয়াৰ উপৰি এই সংন্থাটোৱে কেইগৰাকীমান বিশেষ ব্যক্তিকো সন্মান আগবঢ়ায় বুলি সদৰী কৰিছে ।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ বিশেষ বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ' অসমৰ এই সন্মিলনখনিত সংস্থাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ডাঃ ৰণধীৰ কুমাৰৰ উপৰি দিলীপ পাটনি, সন্তোষ কানুক, শীতল সোমানীকে ধৰি বহুকেইগৰাকী বিষববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক:Protest in Baska : SI জোনমণিৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত তামুলপুৰত কেবাটাও দল সংগঠনৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details