Protest in Baska : SI জোনমণিৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত তামুলপুৰত কেবাটাও দল সংগঠনৰ প্ৰতিবাদ

By

Published : May 21, 2023, 5:10 PM IST

thumbnail

বাক্সা, ২১ মে’ : তামুলপুৰত প্ৰতিবাদ ৷ ৰাজ্য কঁপাই যোৱা SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত এইবাৰ প্ৰতিবাদত বহিল তামুলপুৰৰ কেবাটাও দল সংগঠন (Protest in Baska ) ৷ শনিবাৰে তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থা, তামুলপুৰ জিলা ৰাভা মহিলা পৰিষদ আৰু তামুলপুৰ জিলা ৰাভা সাহিত্য সভাৰ উদ্যোগত বাহিৰ কৰা হয় এই সমদল ৷

তামুলপুৰ মটঙাপাৰ পাৰ্কৰ সন্মুখৰ পৰা উলিওৱা এই সমদলটো ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথেৰে মটঙাপাৰলৈ গৈ পুনৰ তামুলপুৰ ঘগ্ৰাচ’কত সামৰণি পৰে। সমদলত অংশগ্ৰহণকাৰীসকলে অসম চৰকাৰ হায় হায়, নগাঁও আৰক্ষী হায় হায়, জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CBI ক অৰ্পণ কৰক, লীনা দলে মূর্দাবাদ, গৃহ বিভাগ হায় হায়, উই ওৱাণ্ট জাষ্টিছ, নো জাষ্টিছ নো ৰেষ্ট, আমাক ন্যায় লাগিবই আদি শ্ল’গানেৰে তামুলপুৰ উত্তাল কৰি তোলে  (Proper investigation into SI Junmoni incident)।

এই সমদলত সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন, ট্ৰাইবেল সংঘ, শৰণীয়া কছাৰী ছাত্ৰ সন্থা আদিকে ধৰি কেবাটাও দল সংগঠনৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : Reshuffle in Assam police: অসম আৰক্ষীৰ ৮৩ উপ-পৰিদৰ্শকক বদলি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.