ETV Bharat / state

নদীত গা ধুবলৈ গৈ জীৱন্তে নাহিল ঘূৰি - DEATH BY DROWNING

DEATH BY DROWNING : বেঁকী নৈত গা ধুবলৈ গৈ বৰপেটাৰোডৰ তিনিজন যুৱক দ’ পানীত সোমাই পৰে ৷ এজনৰ মৃতদেহ উদ্ধাৰ ৷ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই আন দুজনৰ কোনো সন্ধান ৷ শোকাচ্ছন্ন বৰপেটাৰোড ।

three youths drown in beki river while take bath in barpetaroad
নৈত গা ধুবলৈ গৈ নিখোজ
author img

By ETV Bharat Assamese Team

Published : May 2, 2024 at 10:44 AM IST

|

Updated : May 2, 2024 at 11:11 AM IST

2 Min Read
Choose ETV Bharat
নদীত গা ধুবলৈ গৈ অথন্তৰ

বৰপেটাৰোড, 2 মে’ : নদীত গা ধুবলৈ গৈ মৃত্যুক আঁকোৱালি লোৱা খবৰ আজিকালি প্ৰায়ে পঢ়িবলৈ শুনিবলৈ পোৱা যায় ৷ এনে ধৰণৰ খবৰ প্ৰচাৰ হয় যদিও মানুহৰ মাজত সজাগতাৰ অভাৱ দেখা যায় ৷ শেহতীয়াকৈ বৰপেটাৰোডৰ তিনিজন যুৱক বেঁকী নৈত গা ধুবলৈ গৈ নিখোজ হৈ পৰে ৷

three youths drown in beki river while take bath in barpetaroad
নৈত গা ধুবলৈ গৈ নিখোজ

প্ৰাপ্ত খবৰ অনুসৰি, বৰপেটাৰোডৰ পৰা বুধবাৰে বিয়লিৰ ভাগত একে পৰিয়ালৰ দুই ভাতৃসহ আন এজন বন্ধু গা ধুবলৈ গৈছিল ৷ কিন্তু দুই ভাতৃৰ লগতে বন্ধুজন বেঁকীৰ বুকুত নিখোজ হৈ পৰে ৷ বৃহস্পতিবাৰে পুৱা তাৰে এজনৰ মৃতদেহ বেঁকী নৈত ওপঙি থকি অৱস্থাত উদ্ধাৰ হয় ৷ বাতৰি যুগুত কৰা পৰ্যন্ত আন দুজন যুৱকৰ মৃতদেহৰ কোনো সন্ধান পোৱা নাই ৷

three youths drown in beki river while take bath in barpetaroad
নৈত গা ধুবলৈ গৈ নিখোজ

জানিব পৰা মতে, বৰপেটাৰোডৰ দুই ভাতৃ দ্বীপ সাহা, ৰাজ সাহা আৰু বন্ধু অভিজিৎ কৰ্মকাৰ একেলগে আহিছিল মানাহত ফুৰিবলৈ ৷ প্ৰচণ্ড গৰমৰ বাবে তিনিওজনে বেঁকী নৈত গা ধুবলৈ নামিছিল ৷ গা ধুই থাকোতে হঠাৎ তিনি যুৱক বেঁকী নৈৰ দ’ পানীত সন্ধানহীন হৈ পৰে ৷

three youths drown in beki river while take bath in barpetaroad
নৈত গা ধুবলৈ গৈ নিখোজ

যোৱা নিশা দুই বজালৈ আৰক্ষী আৰু এছ ডি আৰ এফৰ বাহিনীয়ে বেঁকী নৈত সন্ধান চলাই যদিও বৃহস্পতিবাৰে ৰাজ সাহাৰ মৃতদেহহে উদ্ধাৰ হয় । আন দুজন যুৱকৰ মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই ৷ তিনিওগৰাকী যুৱকৰ ঘৰ বৰপেটাৰোডৰ কৃষ্ণ নগৰত বুলি জানিব পৰা গৈছে ।

মে’ দিৱসৰ বন্ধ হোৱা হেতুকে তিনি বন্ধুৱে AS-15L 5825 নম্বৰ i10 বাহনেৰে মানাহ নদীত গা ধুবলৈ গৈছিল । উল্লেখ্য যে, দ্বীপ সাহা পঞ্জাব নেশ্যনেল বেংকৰ কৰ্মচাৰী আৰু আনহাতে অভিজিৎ কৰ্মকাৰ জুৱেলাৰীৰ কৰ্মচাৰী । মৃতদেহ উদ্ধাৰ হোৱা ৰাজ সাহা পেছাত এজন ফটোগ্ৰাফাৰ আছিল ।

ইপিনে দ্বীপ সাহা আৰু অভিজিৎ কৰ্মকাৰৰ মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই যদিও বেঁকী নৈৰ বুকুত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে । এই কৰুণ ঘটনাৰ পাচতেই পৰিয়ালৰ লোকসকল শোকত ভাগি পৰিছে ৷ লগতে সমগ্ৰ বৰপেটাৰোডত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : খেলি থাকোতেই ভৰি পিছল খাই পৰিল নৈত ! - 3 YR CHILD DIES BY DROWNING

Last Updated : May 2, 2024 at 11:11 AM IST