অসম

assam

লাহে লাহে সুস্থ হৈ উঠিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৰখা খড়্গ বিহীন আহত গঁড়টো

By

Published : Jun 8, 2022, 8:33 PM IST

লাহে লাহে সুস্থ হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৰখা খড়্গবিহীন গঁড়টো, জনালে বন বিভাগে (Injured rhino has recovered slowly) । যোৱা এপ্ৰিলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত জীৱন্ত অৱস্থাতে চোৰাং চিকাৰীয়ে কাটি নিছিল গড়টোৰ খৰ্ড়্গ (Poachers cut off rhino horn) ৷

লাহে লাহে সুস্থ হৈ উঠিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৰখা খড়্গ বিহীন আহত গঁড়টো
লাহে লাহে সুস্থ হৈ উঠিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৰখা খড়্গ বিহীন আহত গঁড়টো


তেজপুৰ, ৮ জুন: ৰাজ্য়ত এতিয়াও অৱ্যাহত আছে চোৰাং চিকাৰীৰ অভিযান । ইফালে এইসমূহ চোৰাং চিকাৰীৰ বিৰুদ্ধে বৰ্তমানৰ চৰকাৰখনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও ইয়াক মষিমূৰ কৰাৰ ক্ষেত্ৰত যেন ব্যৰ্থ হৈছে বিভাগটো । বন বিভাগৰ গাফিলতিৰ বাবে ন ন কৌশলেৰে চোৰাং চিকাৰীয়ে নিৰ্বিঘ্নে চলাই গৈছে এই অভিযান। শেহতীয়াকৈ যোৱা এপ্ৰিলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে জীৱন্ত অৱস্থাতে গড়ৰ খড়্গ কাটি নিয়াৰ এটা ঘটনা সংঘটিত হোৱাৰ পাছতো ধৰিব পৰা নাই এই ঘটনাৰ লগত জড়িত চোৰাং চিকাৰীক (Poachers cut off rhino horn)। অৱশ্য়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰা খড়্গবিহীন গঁড়টো বৰ্তমান সুস্থ অৱস্থাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতে আছে বুলি সদৰি কৰিছে দৰং মাণ্ডলিক বন প্ৰাধিকাৰী প্রদীপ্ত বৰুৱাই ।

বৰুৱাই ইটিভি ভাৰতক ক’লে, অসম পশু চিকিৎসা মহাবিদ্য়ালয়ৰ তত্বাৱধানত পশু চিকিৎসকৰ এটা দলে চিকিৎসা প্ৰদান কৰি থকা গঁড়টো বৰ্তমান সুস্থ অৱস্থাত আছে । বান বিভাগে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত সম্পূৰ্ণ পৰ্যবেক্ষণত ৰাখিছে গড়টো । লগতে ৰাজ্যিক চিৰিয়াখানাৰ পৰা যোৱা এটা দলেও পৰ্যবেক্ষণ কৰি আছে গঁড়টো (A team from state zoo monitoring the rhino)। বন বিভাগে জানিব দিয়া অনুসৰি জীৱন্ত অৱস্থাত গড়ৰ খড়্গ কাটি নিয়াৰ ঘটনা অসমত এইটোয়ে আছিল প্ৰথম ।

উল্লেখ্য় যে যোৱা ২৬ এপ্ৰিলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বন কৰ্মীৰ এটা দলে উদ্যানখনৰ যোৰপুখুৰী মাৰৰমাৰী খৈয়ৰাচালি এলেকাত খড়্গবিহীন গঁড়টো আঘাতপ্ৰাপ্ত অৱস্থাত প্ৰত্যক্ষ কৰিছিল । বন বিভাগে ঘটনাটো গোপনে ৰাখি খড়্গবিহীন গঁড়টোৰ চিকিৎসা আৰম্ভ কৰাৰ লগতে উদ্যানখনৰ ভিতৰতে পৰ্যবেক্ষণত ৰাখিছিল । পৰৱৰ্তী সময়ত অৰ্থাৎ ৯ মে'ত উক্ত ঘটনাৰ বিষয়ে গুৱাহাটীস্থিত পি চি চি এফৰ কাৰ্যালয়ে জানিব পাৰি পি চি চি এফ এম. কে. যাদৱে এদিন পাছতেই গুৱাহাটীৰ পৰা এটি পশু চিকিৎসকৰ দলৰ সৈতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয় । পৰৱৰ্তী সময়ত আহত গঁড়টোক ট্ৰেংকুলাইজ কৰি প্ৰদান কৰিছিল চিকিৎসা ।

উল্লেখ্য় যে বিগত সময়চোৱাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০০০ চনৰ পৰা বৰ্তমানলৈকে মুঠ ১৯০ টাৰো অধিক গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিছে।

ঢেকীয়াপটীয়া বাঘ হত্যাৰ অভিযোগত তিনিজনক আটক

আনহাতে যোৱা ৫ জুনত বিশ্ব পৰিবেশ দিৱসৰ দিনটোতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহিৰত বৰচলা সমষ্টিৰ বচা শিমলু অঞ্চলৰ পৰা এটা ঢেকীয়াপটীয়া বাঘ হত্যা কৰি ঘৰৰ পিছফালে পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল । বুধবাৰে বন বিভাগৰ এটা দলে এই ঘটনাৰ সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বুলি জানিব দিছে বন প্ৰাধিকাৰী প্রদীপ্ত বৰুৱাই ।

লগতে পঢ়ক:ধন নিদিলে নবনাই দৰমহাৰ বিল: প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰুজু গোচৰ

ABOUT THE AUTHOR

...view details