ETV Bharat / state

ধন নিদিলে নবনাই দৰমহাৰ বিল: প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰুজু গোচৰ

author img

By

Published : Jun 8, 2022, 1:08 PM IST

ৰঙিয়াৰ যোগেশ্বৰ বিদ্যাপীঠৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰুজু গোচৰ । কামৰূপ গ্ৰাম্য জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে (Inspectors of schools in Kamrup district) ৰুজু কৰে এই গোচৰ । প্ৰধান শিক্ষকৰ বিৰুদ্ধে দৰমহাৰ বিল বনাবলৈ ধন বিচৰাৰ অভিযোগ ৷

Case registered against principal of Yogeshwar Vidyapeeth in Rangia
ৰঙিয়াত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰুজু গোচৰ

ৰঙিয়া, 8 জুন : ৰঙিয়াৰ যোগেশ্বৰ বিদ্যাপীঠৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ । কামৰূপ গ্ৰাম্য জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে ৰঙিয়া থানাত গোচৰ ৰুজু কৰে এই গোচৰ(Case registered against principal of Yogeshwar Vidyapeeth in Rangia) । প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে দৰমহাৰ বিল বনাবলৈ ধন বিচৰাৰ অভিযোগ উৎত্থাপন হৈছে । প্ৰধান শিক্ষক ধ্ৰুৱ কুমাৰ শৰ্মাই ধন বিচৰাক লৈ বিদ্যালয়ৰ শিক্ষয়িত্ৰী চাহিদা বেগমে ৰঙিয়াৰ মহকুমাধিপতিৰ ওচৰত দাখিল কৰিছিল লিখিত অভিযোগ ।

প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰুজু গোচৰ

শিক্ষয়িত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত মহকুমাধিপতিয়ে দণ্ডাধীশৰ দ্বাৰা উক্ত ঘটনাৰ তদন্ত কৰোৱায় ৷ দণ্ডাধীশৰ তদন্তত দৰমহাৰ বিলৰ পৰা বিদ্যালয়খনৰ বিভিন্ন দিশত হোৱা খেলিমেলিৰ তথ্য পোহৰলৈ আহে । ৰঙিয়াৰ মহকুমাধিপতি জাভিৰ ৰাহুল সুৰেশৰ প্ৰতিবেদনৰ ভিত্তিত কামৰূপ গ্ৰাম্য জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে ৰঙিয়া থানাত এই সন্দৰ্ভত গোচৰ ৰুজু কৰে ।

এই গোচৰৰ ভিত্তিত সম্প্ৰতি ৰঙিয়া আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়েও নামভৰ্তি, বিদ্যুৎ মাচুল আদিকে ধৰি বিভিন্ন শিতানত ব্যাপক অনিয়মেৰে প্ৰধান শিক্ষকজনে ধন বিচৰাৰ অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক : অভি-নীল হত্যাৰ চাৰি বছৰ: ন্যায় কেতিয়া ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.