অসম

assam

Firing in forest: চোৰাং কাঠকটীয়াৰ সন্দেহত গুলীবিদ্ধ কৰা হৈছিল হাবাঙক; বনাঞ্চলিক বিষয়াৰ স্পষ্টীকৰণ

By

Published : May 15, 2023, 12:18 PM IST

সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত নিহত হোৱা পূৰ্ণেশ্বৰ স্বৰ্গীয়াৰী ওৰফে হাবাঙৰ মৃত্যু সন্দৰ্ভত অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়াৰ স্পষ্টীকৰণ ৷ চোৰাং কাঠকটীয়াৰ সন্দেহত গুলীবিদ্ধ কৰা হৈছিল হাবাঙক ৷ পৰিয়ালে নস্যাৎ কৰিছে অভয়াৰণ্য কৰ্তৃপক্ষৰ অভিযোগ (Sonai Rupai Wildlife Sanctuary death issue) ৷

Forest Officer of  Sonai Rupai Wildlife Sanctuary on death issue
চোৰাং কাঠকটীয়াৰ সন্দেহত গুলীবিদ্ধ কৰা হৈছিল হাবাঙক

চোৰাং কাঠকটীয়াৰ সন্দেহত গুলীবিদ্ধ কৰা হৈছিল হাবাঙক

ৰঙাপাৰা, 15 মে’ : জৈৱ্য বৈচিত্ৰৰে ভৰপূৰ সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত পূৰ্ণেশ্বৰ স্বৰ্গীয়াৰী ওৰফে হাবাঙ নামৰ খৰিকটীয়া এজনৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ ঘটনা সংঘটিত হোৱাৰ পিচতে খৰিকটীয়াজনৰ পৰিয়ালৰ লোকে ঘটনাটোৰ বাবে সন্দেহৰ আঙুলি তুলিছিল অভয়াৰণ্যখনৰ বনকৰ্মীৰ বিৰুদ্ধে ৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই কথা স্বীকাৰ কৰে অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া বিভূতি মজুমদাৰে (Sonai Rupai Wildlife Sanctuary death issue) ৷

উল্লেখ্য যে, সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কলামাটিস্থিত বনাঞ্চলিক কাৰ্যালয়ৰ পৰা প্ৰায় 22 কিলোমিটাৰ নিলগত থকা চাফাপানী বন শিবিৰ এলেকাত ঘটনাটো সংঘটিত হৈছিল । বন্যপ্ৰাণী অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া বিভূতি মজুমদাৰে বিষয়টো সন্দৰ্ভত ক’বলৈ গৈ সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে, চাফাপানী বন শিৱিৰত থকা বনকৰ্মীসকলে অভয়াৰণ্যখনৰ ভিতৰত গছ কটাৰ উদ্দেশ্যৰে এটা চোৰাং কাঠকটীয়াৰ দলে প্ৰৱেশ কৰাৰ উমান পাইছিল । চোৰাং কাঠকটীয়াৰ দলটোক আটক কৰাৰ লক্ষ্যৰে বনকৰ্মীৰ দলটোৱে অভিযান চলাই থকাৰ সময়তে চোৰাং কাঠকটীয়াৰ এটা দলে যন্ত্ৰচালিত কৰতৰে গছ কাটি থকাৰ শব্দ শুনিছিল (Sonai Rupai Wildlife Sanctuary in Sonitpur) ।

তহলদাৰী বনকৰ্মীৰ দলটোক চোৰাং কাঠকটীয়াৰ দলটোৱে প্ৰত্যক্ষ কৰাৰ লগে লগে গুলি চলোৱাত তাৰ প্ৰতুত্তৰত বনকৰ্মীসকলে গুলীচালনা কৰে ৷ ফলত হাবাং নামৰ খৰিকটীয়াজনৰ মৃত্যু ঘটে । বাকীকেইজন চোৰাং কাঠকটীয়াই এন্ধাৰৰ সুযোগ লৈ উক্ত স্থানৰ পৰা পলায় যাবলৈ সক্ষম হয় বুলি জনায় বনাঞ্চলিক বিষয়াগৰাকীয়ে (Illegal woodcutter shot to dead) ।

ঘটনাস্থলীৰ পৰা অভিযানকাৰী দলটোৱে দুটা হস্তনিৰ্মিত বন্দুক, কেইবাজাঁই সজীৱ গুলি, বিস্ফোৰক সামগ্ৰী, এটা যন্ত্ৰচালিত কৰত, কাপোৰ, খাদ্য-সামগ্ৰী, বাচন-বৰ্তন আদি উদ্ধাৰ কৰা বুলি বনাঞ্চলিক বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে (Allegation against dead Purneshwar Swargiary) ।

ইপিনে বনকৰ্মীৰ গুলীত নিহত হোৱা ৰঙাপৰাৰ 2 নং উৰহীলগা গাঁৱৰ পূৰ্ণেশ্বৰ স্বৰ্গীয়াৰীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ অন্তত সোমবাৰে আৰক্ষীয়ে পৰিয়ালৰ লোকক চমজাই দিয়ে । পূৰ্ণেশ্বৰৰ পৰিয়ালে সোনাই-ৰূপাই অভয়াৰণ্যখনত প্ৰকৃততে লোকজনে খৰি কাটিবলৈ গৈছিল বুলি দাবী কৰাৰ বিপৰীতে অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়াগৰাকীয়ে পৰিয়ালৰ লোকৰ দাবী নসাৎ কৰি হাবাঙে অস্ত্ৰ-শস্ত্ৰলৈ গছ কটাৰ উদ্দেশ্যৰে চোৰাং কাঠকটীয়াৰ সৈতে প্ৰৱেশ কৰিছিল বুলি কয় (Death incident at Sonai Rupai Wildlife Sanctuary) ।

স্মৰ্তব্য যে 2021 চনৰ 1 ডিচেম্বৰত অভয়াৰন্যখনত বনকৰ্মী আৰু চোৰাং কাঠকটীয়াৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল । উক্ত ঘটনাত যোগীবিলৰ বালাপাৰাৰ চালানচা দৈমাৰী (35) নামৰ এজন কাঠকটীয়া গুলিবিদ্ধ হৈছিল । উল্লেখনীয় বিষয় যে, বন বিভাগৰ চকুত ধূলি দি সোনাই-ৰূপাই বন্যপ্ৰানী অভয়াৰন্যখনৰ ভিতৰত মূল্যৱান গছ-গছনি কাটি জিলাখনৰ বিভিন্ন প্ৰান্তলৈ চোৰাং কাঠ ব্যৱসায়ীয়ে চোৰাং কাঠৰ ৰমৰমীয়া সৰবৰাহ চলায় অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে (Deforestation in Sonai Rupai Wildlife Sanctuary) ।

লগতে পঢ়ক :Yaba Tablets seized : প্ৰায় 4 কোটি টকাৰ নিচাজাতীয় টেবলেটসহ আৰক্ষীৰ জালত দুটা সৰবৰাহকাৰী

TAGGED:

ABOUT THE AUTHOR

...view details