অসম

assam

High Level Security Meeting : অৰুণাচলৰ ৰাজ্যপাল-মুখ্যমন্ত্ৰীৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বীৰ উচ্চস্তৰীয় সুৰক্ষা বৈঠক

By

Published : Aug 3, 2022, 8:09 PM IST

Tezpur
Tezpur ()

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) ড৹ বি ডি মিশ্ৰৰ পৌৰোহিতত ইটানগৰৰ ৰাজভৱনত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপস্থিত আজি ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী লেফ্টনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা আৰু (Lt Gen RP Kalita meeting with Arunachal Pradesh Governor) সেনাৰ তৃতীয় ক'ৰৰ জি অ' চি লেফটেণ্ট জেনেৰেল আৰ চি তিৱাৰীৰ লগত উচ্চ স্তৰৰ সুৰক্ষা সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

তেজপুৰ, ৩ আগষ্ট : অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) ডঃ বি ডি মিশ্ৰৰ পৌৰোহিতত ইটানগৰৰ ৰাজভৱনত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপস্থিত আজি ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী লেফ্টনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা আৰু (Lt Gen RP Kalita meeting with Arunachal Pradesh Governor) সেনাৰ তৃতীয় ক'ৰৰ জি অ' চি লেফটেণ্ট জেনেৰেল আৰ চি তিৱাৰীৰ লগত উচ্চ স্তৰৰ সুৰক্ষা সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (high level security meeting of eastern command chief in Arunachal) ।

অৰুণাচলৰ ৰাজ্যপাল-মুখ্যমন্ত্ৰীৰ সৈতে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বীৰ উচ্চস্তৰীয় সুৰক্ষা বৈঠক

অৰুণাচল প্ৰদেশৰ পূব আৰু পশ্চিম প্ৰান্তত ভাৰত-চীন, ভাৰত-তিব্বত, ভাৰত-ভূটান আৰু ভাৰত-ম্যানমাৰ সীমা সংলগ্ন হৈ আছে । পাহাৰীয়া ৰাজ্যখনৰ সীমান্তমূৰীয়া সমস্যা সমাধানৰ বাবে আৰু বিভিন্ন কূটাঘাতমূলক কাৰ্যসূচী ৰোধ কৰিবলৈ ভাৰতীয় সেনাই প্ৰথম পদক্ষেপ গ্ৰহণ কৰে (Indian Army step to border issue in Arunachal) ।

পথ যোগাযোগ ব্যৱস্থাৰ উন্নতিসাধন কৰা হৈছে

ইষ্টাৰ্ণ কমাণ্ডৰ ব্ৰিগেডিয়াৰ জেনেৰেল ষ্টাফ বি এছ ধাডৱালে (বিজিএছ) ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতি আৰু প্ৰত্যাহ্বানৰ বিষয়ে অৱগত কৰে । বিজিএছে ৰাজ্যিক পৰ্যটন বৃদ্ধি আৰু অৰুণাচল প্ৰদেশৰ স্থানীয় লোকসকলৰ সৈতে থকা সৌহাদ্যপূৰ্ণ সম্পৰ্ক আৰু পদক্ষেপৰ বিষয়ে ৰাজ্যপাল আৰু সেনাৰ মুৰব্বীক জানিবলৈ দিয়ে । ৰাজ্যপালগৰাকীয়ে স্থানীয় জনসাধাৰণৰ সুবিধাৰ বাবে আৰু নিৰাপত্তা বাহিনীৰ বাবে সীমান্তপথৰ ভাল তত্ত্বাৱধানৰ বাবে পৰামৰ্শ দিয়ে ।

অৰুণাচল সীমান্তত আন্তঃগাঁথনি বৃদ্ধিৰ ওপৰত গুৰুত্ব

তেওঁ অৰুণাচল প্ৰদেশত কৌশলগত পথ হাতত লোৱাৰ বাবেও পৰামৰ্শ দিয়ে (strategic routes in Arunachal Pradesh), যিটো জনসাধাৰণৰ অৰ্থনৈতিক বিকাশ আৰু দুৰ্বল সীমান্ত অঞ্চলৰ সুৰক্ষাৰ বাবে লাভজনক হ'ব । ৰাজ্যপালগৰাকীয়ে প্ৰতিৰক্ষাৰ উদ্দেশ্যে বা পথ নিৰ্মাণৰ বাবে ভূমি লীজত দিয়া বা অধিগ্ৰহণ কৰাৰ বাবে থকা সকলো বাধা আঁতৰ কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু সশস্ত্ৰ বাহিনীৰ দ্বাৰা সমন্বিত প্ৰচেষ্টাৰ বাবেও পৰামৰ্শ আগবঢ়ায় ।

ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বীৰ অৰুণাচল ভ্ৰমণ

আলোচনাত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে (Arunachal CM meeting with Lt Gen RP Kalita) জানিবলৈ দিয়ে যে সীমান্ত অঞ্চল উন্নয়ন প্ৰকল্পৰ অধীনত বহুতো পথ আৰু অন্যান্য প্ৰকল্পৰ পৰামৰ্শ ইতিমধ্যে দিয়া হৈছে, যিবোৰ জনসাধাৰণৰ বাবে আৰু একে সময়তে সীমা সুৰক্ষিত কৰাৰ বাবে সশস্ত্ৰ বাহিনীৰ বাবে অতি লাভজনক হ'ব ।

সীমান্ত অঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ ওপৰত গুৰুত্ব

তেওঁ লগতে জনায় যে কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত সশস্ত্ৰ বাহিনীৰ লগত স্থানীয় লোকৰ প্ৰয়োজনীয়তা আছে আৰু ৰাজ্য চৰকাৰৰ কৃষি বিপণন পৰিষদৰ জৰিয়তে ইয়াক পূৰণ কৰা হ'ব বুলি মন্তব্য কৰে । বৈঠকত অৰুণাচল প্ৰদেশৰ মুখ্য সচিব ধৰ্মেন্দ্ৰ (Arunachal Chief Secretary), আৰক্ষী সঞ্চালক প্ৰধান সতীশ গোলসা (DIG of Arunachal) আৰু মুখ্যমন্ত্ৰীৰ আয়ুক্ত চনাম চমবে উপস্থিত থাকে ।

লগতে পঢ়ক :Arms supply to Khalistani terrorists: খালিস্তানী সন্ত্ৰাসবাদীক অস্ত্ৰ যোগান ধৰাৰ অপৰাধত গ্ৰেপ্তাৰ এজন লোক

ABOUT THE AUTHOR

...view details