অসম

assam

ভালুকপুঙত অসম অৰুণাচল সীমান্ত বিবাদক লৈ প্ৰথম বৈঠক

By

Published : Aug 27, 2022, 6:40 PM IST

অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্ত বিবাদ সমাধানৰ বাবে চৰকাৰৰ পদক্ষেপ অব্যাহত আছে (Assam Arunachal border dispute)। ইয়াৰ মাজতে ভালুকপুঙত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিৰ মাজত প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত । অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল আৰু অৰুণাচল প্ৰদেশৰ মন্ত্ৰী নাকাপ নালোৰ নেতৃত্বত সমিতিৰ সদস্যসকলে কামেংবাৰী গাঁৱত উপস্থিত হৈ সীমান্ত সমস্যাৰ মূল্যায়নৰ বাবে স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হয় ।

Border dispute
ভালুকপুঙত অসম অৰুণাচল সীমান্ত বিবাদক লৈ প্ৰথম বৈঠক

তেজপুৰ, ২৭ আগষ্ট :অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ (Assam Arunachal border dispute) বাবে গঠন কৰা অসমৰ ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ আঞ্চলিক সমিতি আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ আঞ্চলিক সমিতিৰ মাজত প্ৰথমখন বৈঠক অৰুণাচল প্ৰদেশৰ ভালুকপঙৰ আৱৰ্ত ভৱনত অনুষ্ঠিত হয় (First meeting to resolve border issue)। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল আৰু অৰুণাচল প্ৰদেশৰ পৰ্যটন, ভূমি ব্যৱস্থাপনা, অসামৰিক বিমান পৰিবহণ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী নাকাপ নালোৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ দুখন সমিতিৰ সদস্যসকলে পুৱাৰ ভাগত সীমান্তৰ সমীপৰ কামেংবাৰী গাঁৱত উপস্থিত হৈ সীমান্ত সমস্যাৰ মূল্যায়নৰ বাবে স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হয় । পিছত তেওঁলোকে ভালুকপং অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।

ভালুকপুঙত অসম অৰুণাচল সীমান্ত বিবাদক লৈ প্ৰথম বৈঠক

শুকুৰবাৰৰ আলোচনাত দুয়োখন ৰাজ্যৰ মাজত দীঘলীয়া সময় ধৰি চলি থকা সীমা সমস্যাৰ সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ উদ্দেশ্যে কিছুমান সিদ্ধান্তত উপনীত হয় আৰু অহা ১৫ ছেপ্টেম্বৰৰ পূৰ্বে দুয়োখন সমিতিয়ে এই পৰামৰ্শসমূহৰ প্ৰতিবেদন নিজৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আগত দাখিল কৰিব । বৈঠকৰ অন্তত মন্ত্ৰী অশোক সিংঘাল আৰু মন্ত্ৰী নাকাপ নালোৱে যুটীয়াভাৱে সাংবাদিকসকলক সম্বোধন কৰি জানিবলৈ দিয়ে যে ভালুকপুঙৰ সীমা সন্দৰ্ভত এক যৌথ জৰীপৰ প্ৰতিবেদনৰ ভিত্তিত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিয়ে সৰ্বসন্মতিক্ৰমে মিথুন গেটৰ স্থান অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমাৰেখাত অৱস্থিত বুলি ধৰিব পাৰি বুলি সন্মতি প্ৰকাশ কৰে আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ চূড়ান্ত নিষ্পত্তি আৰু সীমা নিৰ্ধাৰণৰ বাবে নিজ নিজ ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জনায় ৷

ভালুকপুঙত অসম অৰুণাচল সীমান্ত বিবাদক লৈ প্ৰথম বৈঠক

আনহাতে, ওদালগুৰি আৰু পশ্চিম কামেং জিলাৰ মাজৰ আন্তঃৰাজ্যিক সীমা সন্দৰ্ভত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিয়ে কোনো বিবাদ নাই বুলি একমত হৈ সাংবিধানিক সীমাত সন্মতি প্ৰকাশ কৰে (Assam Arunachal meeting about border dispute)।

যোৱা জুলাই মাহত অসম আৰু অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী দুয়োগৰাকীয়ে স্বাক্ষৰ কৰা নামচাই ঘোষণাত উল্লেখ কৰা মতে দয়মাৰা, খেলোং আৰু ফুট হিল এই তিনিখন গাঁও অৰুণাচল প্ৰদেশৰ সাংবিধানিক সীমাৰ ভিতৰত অৱস্থিত হোৱাৰ বাবে সীমা বিবাদৰ আওতাৰ বাহিৰত বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ আনহাতে, কামেংবাৰীৰ বিষয়ত আলোচনাৰ অন্তত সভাই শোণিতপুৰ আৰু পশ্চিম কামেঙৰ উপায়ুক্তদ্বয়ৰ নেতৃত্বত এক যুটীয়া জৰীপ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু দুয়োজন উপায়ুক্তৰ সহমতত প্ৰস্তুত কৰা জৰীপৰ প্ৰতিবেদন দুয়োখন আঞ্চলিক সমিতিৰ অধ্যক্ষৰ আগত পৰ্যালোচনাৰ বাবে দাখিল কৰা হ’ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

বিয়লি ২ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ ভালুকপুঙৰ আৱৰ্ত ভৱনত হোৱা বৈঠকত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, অসম চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগৰ আয়ুক্ত সচিব তথা ওদালগুৰি জিলাৰ অভিভাৱক সচিব শান্তনু পি গোটমাৰে, শোণিতপুৰ আৰু ওদালগুৰিৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক, অসমৰ সীমান্ত অঞ্চল বিভাগৰ পৰামৰ্শদাতা দশৰথ ডেকা আৰু জিলা দুখনৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলে সভাত অংশগ্ৰহণ কৰে । আনহাতে অৰুণাচল প্ৰদেশৰ থ্ৰিজিনো-বুৰাগাঁৱৰ বিধায়ক কুমছি ছিদিছ’, কলাকটাঙৰ বিধায়ক ডৰ্জী ৱাংদী খাৰ্মা, পশ্চিম কামেং জিলাৰ উপায়ুক্ত কৰ্মা লেকি, আৰক্ষী অধীক্ষক ভাৰত বি ৰেড্ডীকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকল বৈঠকত উপস্থিত থাকে ।

লগতে পঢ়ক :পৃথক কোচবিহাৰ ৰাজ্য গঠনৰ প্ৰতিক্ৰিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details