ETV Bharat / state

পৃথক কোচবিহাৰ ৰাজ্য গঠনৰ প্ৰতিক্ৰিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ

author img

By

Published : Aug 27, 2022, 10:53 AM IST

চিৰাঙৰ কাজলগাঁৱত ABSU ৰ সংবাদমেল(ABSU press conference at Kajalgaon in Chirang) । সংবাদমেলত পৃথক কেন্দ্ৰীয় শাসিত কোচবিহাৰ ৰাজ্য গঠনৰ দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৰ সভাপতি দ্বীপেন বড়োয়ে । চৰকাৰে যদিহে নতুনকৈ কেন্দ্ৰীয় শাসিত বা পৃথক ৰাজ্য গঠন কৰিব বিচাৰে তেন্তে প্ৰথমেই বড়োলেণ্ড গঠন কৰিব লাগিব বুলি দাবী কৰে সভাপতিগৰাকীয়ে(ABSU demands Bodoland) ।

chirang absu central press meet
পৃথক কোচবিহাৰ ৰাজ্য গঠনৰ প্ৰতিক্ৰিয়া ABSUৰ

চিৰাঙ, ২৭ আগষ্ট: চিৰাঙৰ কাজলগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সংবাদমেল(ABSU press conference at Kajalgaon in Chirang)। সংবাদমেল সম্বোধন কৰি এবছুৰ সভাপতি দ্বিপেন বড়োয়ে কোচবিহাৰ ৰাজ্য গঠনৰ পূৰ্বে পৃথক ৰাজ্য বড়োলেণ্ড গঠন কৰিবলৈ দাবী জনায় (ABSU reacts to creation of separate Koch Bihar State) । গ্ৰেটাৰ কোচবিহাৰ পিপলচ এচোছোয়েশ্যনৰ সভাপতি অনন্ত মহাৰাজে অসমৰ পাঁচখন জিলাৰ ভিতৰত BTR অঞ্চলৰ চিৰাং আৰু কোকৰাঝাৰ জিলা সাঙুৰি লৈ কেন্দ্ৰীয় শাসিত কোচবিহাৰ ৰাজ্য গঠনৰ দাবীক এবছুয়ে গৰিহনা দিয়াৰ লগতে সকিয়াই দি কয় যে অনন্ত মহাৰাজে পশ্চিমবংগক লৈ কোচবিহাৰ ৰাজ্য গঠন কৰক অসম বা BTR লৈ আহিব নালাগে ৷

সংবাদ মেলত এবছুৰ সভাপতি দ্বীপেন বড়োয়ে কয় যে পৃথক ৰাজ্য গঠনৰ নামত অসম তথা BTRৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ'ব । কিয়নো বহু আন্দোলনৰ পিচত প্ৰায় পাঁচ সহস্ৰাধিক শ্বহীদৰ বিনিময়ত BTC বা BTR গঠন হৈছিল । কেন্দ্ৰীয় চৰকাৰে ষষ্ঠ অনুসূচীৰ অধীনত প্ৰদান কৰিছিল এই ভূমি । ইয়াত ৰাজনৈতিক অধিকাৰৰ কথাও জড়িত হৈ আছে । সেয়ে বিষয়টো ABSU য়ে সহজে লোৱা নাই ।

পৃথক কোচবিহাৰ ৰাজ্য গঠনৰ প্ৰতিক্ৰিয়া ABSUৰ

এই ক্ষেত্ৰত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ তথা অনন্ত মহাৰাজে এই ক্ষেত্ৰত অতিশীঘ্ৰেই স্পষ্টীকৰণ দিয়াৰ দাবী জনায়(ABSU demands Bodoland) । সংবাদ মেলত এবছুৰ সভাপতিগৰাকীয়ে লগতে কয় যে বড়োলেণ্ডত আন্দোলন চলি থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে কেবাখনো ৰাজ্য গঠন কৰিলে যদিও বড়োলেণ্ড নহ'ল । ইয়াৰ পিচত এতিয়াও যদি চৰকাৰে নতুনকৈ কেন্দ্ৰীয় শাসিত বা পৃথক ৰাজ্য গঠন কৰিব বিচাৰে তেন্তে প্ৰথমেই বড়োলেণ্ড গঠন কৰিব লাগিব, তাৰ পিছতহে কোচবিহাৰ গঠন হ'ব লাগিব বুলি উল্লেখ কৰে ।

অন্যথা BTRৰ পৰিৱেশ আকৌ বেয়া হ'ব, যাৰ বাবে তেওঁলোকেই দায়ী হ'ব লাগিব । ইয়াত সকলো জাতি-জনগোষ্ঠী মিলি শান্তিৰে বসবাস কৰিছে । দীৰ্ঘদিন আন্দোলনৰ পিচত সশস্ত্ৰ আন্দোলনকে আদি কৰি সকলো স্তব্ধ কৰি শান্তিৰ পৰিৱেশত উন্নয়ণৰ কাম চলিছে। গতিকে ইয়াত অইন ৰাজ্য গঠন এবছুয়ে কেতিয়াও মানি নলয় । লগতে শান্তি আৰু উন্নয়ণৰ স্বাৰ্থত BTR চুক্তিৰ দফাসমূহ ৰূপায়ণ কৰিবলৈ চৰকাৰক সংবাদমেল যোগে দাবী জনায় এবছুৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক: বিশ্বনাথত বিদ্যুৎস্পৃষ্ট হৈ মাতৃ কন্যাৰ শোকাৱহ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.