অসম

assam

ৰাজ্যত বানে প্ৰাণ কাঢ়িলে আন এজন ব্যক্তিৰ

By

Published : Aug 1, 2020, 6:30 PM IST

শোণিতপুৰ জিলাৰ লবৰঘাড়ীত মানশিৰি নৈত বাঢ়নী পানীত উটি গ’ল লোক বাহাদুৰ ৰায় নামৰ এজন ব্যক্তি ৷ শনিবাৰে মৃতদেহ উদ্ধাৰ কৰে SDRF বাহিনী আৰু চাৰিদুৱাৰ আৰক্ষীয়ে ৷

one person died in manshiri river in sonitpur
শোণিতুৰত বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে আন এজনৰ

শোণিতপুৰ,1 আগষ্টঃ ৰাজ্যত বানৰ কৱলত প্ৰাণ হেৰুৱালে আন এজন ব্যক্তিয়ে ৷ ফেনেফুটুকাৰে বাঢ়ি অহা মানশিৰি নৈত পৰি প্ৰাণ হেৰুৱালে শোণিতপুৰ জিলাৰ এজন ব্যক্তিয়ে ৷ ঘটনাৰ বিৱৰণী মতে,শুকুৰবাৰে জিলাখনৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লখৰাৰ লবৰঘাড়ীত শুকুৰবাৰৰে পৰা সন্ধানহীন হৈ আছিল লোক বাহাদুৰ ৰায় নামৰ 50 বছৰীয়া ব্যক্তিজন ৷ স্থানীয় লোক আৰু প্ৰশাসনে লোকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল যদিও কোনো শুংসূত্ৰ লাভ কৰা নাছিল ব্যক্তিজনৰ ৷ শনিবাৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানশিৰি নৈত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় SDRF বাহিনী আৰু চাৰিদুৱাৰ আৰক্ষী ৷ উল্লেখযোগে চলিত বৰ্ষত ভয়ংকৰ বানে ৰাজ্যত প্ৰাণ কাঢ়িছে 110 জনৰো অধিক ব্যক্তিৰ ৷

শোণিতুৰত বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে আন এজনৰ

ABOUT THE AUTHOR

...view details