ETV Bharat / state

পৱিত্ৰ ঈদৰ দিনাই লাফিকুল হত্যাৰ ন্যায় বিচাৰি ABMSUৰ প্ৰতিবাদ

author img

By

Published : Aug 1, 2020, 2:09 PM IST

পৱিত্ৰ ঈদৰ দিনাই ৰাজপথত নামিল ABMSU । সংগঠনটোৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে ABMSUয়ে ।

ABMSU Protest for Lafiqul Islam Ahmed justice at Baksa
পৱিত্ৰ ঈদৰ দিনাই লাফিকুলৰ হত্যাৰ ন্যায় বিচাৰি ABMSUৰ প্ৰতিবাদ

বাক্সা, 1 আগষ্ট: পৱিত্ৰ ঈদৰ দিনাই বাক্সা জিলাৰ তামুলপুৰত দ্বাৰকুচি আঞ্চলিক ABMSUৰ প্ৰতিবাদ সাব্যস্ত । ABMSUৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইচন হুছেইনৰ নেতৃত্বত অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰা সংগঠনটোৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় বিচাৰি ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷

প্ৰায় 2 শতাধিক প্ৰতিবাদকাৰীয়ে দ্বাৰকুচিত ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ হাতে হাতে প্লে' কাৰ্ড লৈ লাফিকুল ইছলাম আহমেদৰ হত্যাৰ বিচাৰ কৰক, হাগ্ৰামা মহিলাৰী মূর্দাবাদ, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, চিবিআইৰ তদন্ত ৰাজহুৱা কৰক, লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, বিজেপি চৰকাৰ গ' বেক, ABMSU জিন্দাবাদ আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

পৱিত্ৰ ঈদৰ দিনাই লাফিকুলৰ হত্যাৰ ন্যায় বিচাৰি ABMSUৰ প্ৰতিবাদ

ইফালে, অহা 6 আগষ্টত লাফিকুল ইছলামৰ হত্যাৰ ন্যায়ৰ দাবীত পুনৰ সমগ্ৰ BTC ত মানৱ শৃংখলৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি ABMSUৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে সদৰি কৰে ৷

উল্লেখ্য যে, 2017 চনৰ 1 আগষ্টত কোকৰাঝাৰ চহৰৰ মাজমজিয়াত দিন দুপৰতে ABMSUৰ সভাপতি লাফিকুল ইছলাম আহমেদক কোনো অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিছিল ৷ ইয়াৰ পাচৰে পৰা সভাপতি গৰাকীৰ হত্যাৰ ন্যায় বিচাৰি ক্ষুব্ধ হৈ আছে সংগঠনটো ৷ সময়ে সময়ে প্ৰতিবাদ অব্যাহত কৰাৰ লগতে পৱিত্ৰ ঈদৰ ক্ষণতো প্ৰতিবাদ সাব্যস্ত কৰে ABMSUয়ে ৷

লগতে পঢ়ক : চৰকাৰী নিয়ম অনুসৰি গুৱাহাটীত উদযাপন ঈদ-উজ-জোহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.