অসম

assam

Assam earthquake: পুনৰ অসমত ভূমিকম্পৰ জোকাৰণি

By

Published : Jun 9, 2023, 12:10 PM IST

শুকুৰবাৰৰ পুৱা দহ বাজি পাঁচ মিনিটত 3.7 প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য ৷ এই ভূমিকম্পৰ উৎপত্তি স্থল শোণিতপুৰ বুলি জানিব পৰা গৈছে ৷

Assam earthquake
ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য

তেজপুৰ, 9 জুন :সঘনাই ভূমিকম্পই জোঁকাৰিছে ৰাজ্য ৷ বিগত 29 মে’ ৰ দিনা ৰাতিপুৱাই 4.4 প্ৰাৱল্যৰ এটা ভূমিকম্পই জোঁকাৰি গৈছিল অসমক ৷ তাৰ পিচত পুনৰ শুকুৰবাৰে দিনৰ দহ বাজি পাঁচ মিনিটত 3.7 প্ৰাৱল্যৰ কম্পন অনুভূত হয় ৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জানিবলৈ দিয়া মতে ৰিখটাৰ স্কেলত 3.7 প্ৰাৱল্যৰ এই ভূঁইকপৰ উৎপত্তি স্থল শোণিতপুৰ জিলা (Earthquake hits Assam Sonitpur)। এই ভূঁইকপৰ জোকাৰণি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈকে অনুভূত হয় । ভূগৰ্ভৰৰ পৰা 10 কিলোমিটাৰ গভীৰতাত এই ভূঁইকপৰ উৎপত্তিস্থল বুলি তথ্যত প্ৰকাশ ।

পূৰ্বে হৈ যোৱা 29 মে’ ৰ ভূঁইকপে সমগ্ৰ শোণিতপুৰ জিলাৰ লগতে অসমৰ কেইবাখনো জিলাত প্ৰভাৱ পেলাইছিল (Assam earthquake news) । 4.4 প্ৰাৱল্যৰ আছিল এই ভূমিকম্প ৷ পুৱা 8.30 মিনিটত অহা ভূমিকম্পৰ উৎপত্তি স্থল আছিল শোণিতপুৰ জিলা আৰু ই মাত্ৰ 15 কিলোমিটাৰ গভীৰতাত সৃষ্টি হৈছিল ।

শোণিতপুৰৰ কেবাটাও স্থান ভূমিকম্পৰ উৎপত্তি স্থল হিচাবে পূৰ্বতে পোৱা গৈছে আৰু ইয়াৰ পৰা ভয়ংকৰ ভূমিকম্পৰ সন্মুখীন হ’বলগীয়াও হৈছে । বিগত 2021 চনৰ এপ্ৰিল মাহৰ 28 তাৰিখে অহা 6.8 প্ৰাৱল্যৰ ভূমিকম্পৰ উৎপত্তি স্থলো শোণিতপুৰ আছিল আৰু ইয়াৰ পিচত এটা দিনতে চাৰিটা ডাঙৰ ভূমিকম্পৰ পিচত এক সপ্তাহলৈকে মুঠ 34 টা সৰু সৰু ভূমিকম্প হৈ আছিল ।

উত্তৰ অসম ভূমিকম্প প্ৰবল এলেকা হিচাবে চিহ্নিত হৈছে আৰু ইয়াৰ প্ৰতিবন্ধকতা হিচাবে চৰকাৰে সকলো জিলাতে দুৰ্যোগ প্ৰশমন বিভাগ পূৰ্বতকৈ শক্তিশালী কৰি তুলিছে । এই বিভাগটো স্থানীয় এছ ডি আৰ এফৰ উপৰিও কেন্দ্ৰীয় বিভাগ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ লগতো সংযোগ কৰা হৈছে (Assam earthquake 2023) ।

উল্লেখ্য যে ২০২১ চনৰ ভূমিকম্পটোও শোণিতপুৰৰ ঢেকীয়াজুলিৰ সমীপত হৈছিল আৰু ইয়াৰ ফলত তেজপুৰ ডিপোতাৰ নদীৰ সমীপত পথাৰৰ মাটি ফাটি পানী ওলাইছিল ৷ লগতে নদীৰ পানীত বুৰবুৰণিৰ সৃষ্টি হৈছিল । এই ঘটনাৰ পিচতে কেন্দ্ৰীয় ভূ-বিজ্ঞানীৰ এটা দল তেজপুৰলৈ ৰাওনা হয় আৰু তেওঁলোকে ইয়াৰ উৎপত্তিৰ বিষয়ে এক বিশদ পৰ্যালোচনা চলাইছিল ।

লগতে পঢ়ক :Fire in Train: এইবাৰ ওড়িশাত যাত্ৰীবাহী ৰে’লত অগ্নিকাণ্ড; বিপদমুক্ত সকলো যাত্ৰী

ABOUT THE AUTHOR

...view details