অসম

assam

Assam Rifles raising day: 188 বছৰীয়া হ’ল উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ অসম ৰাইফলছ

By

Published : Mar 24, 2023, 9:44 PM IST

শ্বিলঙত উদযাপন কৰা হ’ল অসম ৰাইফলছৰ প্ৰতিষ্ঠা দিৱস ৷ 188 বছৰীয়া হ’ল 1835 চনত প্ৰতিষ্ঠা লাভ কৰা অসম ৰাইফলছ (Assam Rifles raising day) ৷ অসম ৰাইফলছৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে উত্তৰ-পূব অঞ্চলৰ পৰ্যটন, সাংস্কৃতিক আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী ৷

Assam Rifles raising day
188 বছৰীয়া হ’ল উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ অসম ৰাইফলছ

তেজপুৰ, 24 মাৰ্চ: 188 বছৰীয়া হ’ল উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ অসম ৰাইফলছ । দেশৰ আটাইতকৈ পুৰণি আৰু সু-সজ্জিত পেৰা মিলিটাৰী ফৰ্চ অসম ৰাইফলছে আজি 188 সংখ্যক প্ৰতিষ্ঠা দিৱস শ্বিলঙৰ লাইটকৰ গেৰিছনত পালন কৰে । উত্তৰ-পূব আৰু জম্মু কাশ্মীৰৰ বিভিন্ন স্থানত অসম ৰাইফলছৰ ইউনিটেও পালন কৰে প্ৰতিষ্ঠা দিৱস (Assam Rifles raising day) ৷

1835 চনৰ 24 মাৰ্চত জন্ম হোৱা এই অসম ৰাইফলছে মহিলাৰ বাবে নতুন দল সংযোগ কৰি উত্তৰ-পূবৰ ৰাজ্যসমূহত শান্তি বৰ্তাই ৰখাত অপৰিসীম অৰিহণা যোগাইছে । এইবাৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে উত্তৰ-পূব অঞ্চলৰ পৰ্যটন, সাংস্কৃতিক আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে (Assam Rifles raising day in Shillong) ৷

অসম ৰাইফলছৰ সেনা বিষয়াৰ সৈতে মন্ত্ৰী জি কিষাণ ৰেড্ডী

মন্ত্ৰী ৰেড্ডীয়ে (G Kishan Reddy) অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পি চি নাইৰ আৰু বাহিনীটোৰ সকলো পদৰ বিষয়াৰ লগতে বিগত 188 বছৰত দেশ মাতৃৰ হকে বলিদান দিয়া বীৰ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনায় শ্বিলঙৰ যুদ্ধ স্মাৰকত । মন্ত্ৰীগৰাকীয়ে বিশেষ সৈনিক সন্মিলনত বাহিনীৰ সকলো পদবীকে সম্বোধন কৰে য’ত উত্তৰ-পূব আৰু কাশ্মীৰত বিদ্ৰোহৰ বিৰুদ্ধে যুঁজ দিয়াত সকলো পদবীৰ অসাধাৰণ অৱদানৰ বাবে প্ৰশংসা কৰে ।

2022-23 বৰ্ষত বিশেষ অপাৰেশ্যেনত অসম ৰাইফলছে নিজৰ যোগ্যতা প্ৰমাণ কৰি আহিছে । এই সময়ছোৱাত তিনিটা বেটেলিয়নে ছিফ অৱ দ্য আৰ্মি ষ্টাফ ইউনিট চাইটেশ্যে আৰু পাঁচটা বেটেলিয়নে জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চিফ ইউনিট চাইটেশ্যে লাভ কৰে ।

শ্বিলঙত অসম ৰাইফলছৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ইয়াৰ উপৰিও অসম ৰাইফলছৰ জোৱানসকলক এটা শৌৰ্য চক্ৰ, সাতটা সেনা পদক, 411 টা ৰাষ্ট্ৰপতি আৰু ৰাজ্যপাল পদক প্ৰদান কৰা হয় । আনহাতে আন্তঃৰাষ্ট্ৰীয় খেলত এটা সোণৰ পদক, এটা ৰূপৰ পদক, 4 টা ব্ৰঞ্জৰ পদক, ৰাষ্ট্ৰীয় খেলত 17 টা সোণৰ পদক, 17 টা ৰূপৰ পদক আৰু 15 টা ব্ৰঞ্জৰ পদক আৰু AIPDMত 31 টা সোণৰ পদক, 15 টা ৰূপৰ পদক লাভ কৰি ক্ৰীড়া ক্ষেত্ৰটো পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে অসম ৰাইফলছে ৷

অসম ৰাইফলছৰ প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী জি কিষাণ ৰেড্ডী

প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসম ৰাইফলছৰ প্ৰাক্তন বিষয়াসকল উপস্থিত থাকি জোৱানসকলৰ সৈতে মত বিনিময় কৰি কৰ্মক্ষেত্ৰত পূৰ্বৰ অভিজ্ঞতাসমূহ বৰ্ণনা কৰে ৷ উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মাজত বিভিন্ন সময়ত অসম ৰাইফলছ শক্তিশালীভাৱে থিয় দি আহিছে । অঞ্চলটোৱে উন্নয়ন আৰু সমৃদ্ধিৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে অসম ৰাইফলছে স্থানীয় লোকসকলক নিৰবিছিন্নভাৱে নিৰাপত্তা প্ৰদান কৰি আহিছে (Assam rifles rising day observed) ।

লগতে পঢ়ক:Vayu Prahar Multi Domain Exercise: ভাৰতীয় সেনা আৰু বায়ু সেনাৰ যৌথ 'বায়ু প্ৰহৰ' আখৰা

ABOUT THE AUTHOR

...view details