অসম

assam

Shrinkhal Chaliha arrested : শৃংখলক পুনৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা !

By

Published : May 20, 2023, 3:43 PM IST

ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ গোচৰত শিৱসাগৰ জিলা কাৰাগাৰত বন্দী হৈ আছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা (Shrinkhal Chaliha in Jail)। শনিবাৰে মাতৃ আৰু অধিবক্তাই কাৰাগাৰত শৃংখলক সাক্ষাৎ কৰে । আন গোচৰত শৃংখলক পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা !

Mother meets Sringkhal Chaliha in jail
শৃংখলক পুনৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা

শৃংখলক পুনৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা

শিৱসাগৰ,২০ মে':সম্প্ৰতি কাৰাগাৰতে বন্দী হৈ আছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা (Shrinkhal Chaliha in Jail)। গ্ৰেপ্তাৰৰ প্ৰায় ১৭ দিনৰ অন্তত পুত্ৰক কাৰাগাৰৰ ভিতৰত সাক্ষাৎ কৰি আনন্দিত শৃংখলৰ মাতৃ । পিছে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ উপৰিও আন গোচৰতো শৃংখল চলিহাক পুনৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা ।

উল্লেখ্য যে যোৱা ৩ মে'ত ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হৈছিল । তেতিয়াৰে পৰা কাৰাগাৰতে আছে শৃংখল চলিহা । অৱশ্যে উচ্চ ন্যায়ালয়ৰ আদেশ অনুসৰি শনিবাৰে অৰ্থাৎ আজি পৰিয়ালৰ লোক আৰু অধিবক্তাই শৃংখল চলিহাক কাৰাগাৰত সাক্ষাৎ কৰে । গ্ৰেপ্তাৰৰ প্ৰায় ২ সপ্তাহৰ অন্তত পুত্ৰক দেখা কৰি আৱেগিক হৈ পৰে মাতৃ ৰাকা চলিহা (Mother meets Sringkhal Chaliha in jail)।

ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছে বুলি কৈ দেশ আৰু জাতিৰ বাবে কাম কৰিবলৈ শৃংখলক ভগৱানে শক্তি দিয়ক বুলিও মাতৃয়ে প্ৰাৰ্থনা জনায় । আনহাতে শৃংখলৰ বিৰুদ্ধে ৰুজু হোৱা মূল গোচৰ নং ৬৩/২৩ ত আগৰ ৯ টা ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰাৰ ওপৰিও আৰু তিনিটা ধাৰা যোগ কৰা হৈছে বুলি অধিবক্তা সুৰজিৎ বৈৰাগীয়ে সদৰি কৰে । অধিবক্তাগৰাকীয়ে কয় যে পূৰ্বৰ ৯ টা ধাৰাৰ উপৰিও অতিৰিক্ত ভাৰতীয় দণ্ড বিধি আইনৰ ১৪৭/৩৯২/১৫৩(A) ধাৰা প্ৰয়োগ কৰি উক্ত গোচৰত শৃংখল চলিহাৰ জামিন কিয় নাকচ কৰা নহ'ব সেই সন্দৰ্ভত অহা ২৩ মে'ত চলিহাৰ অধিবক্তাক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰা হৈছে ।

অৰ্থাৎ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱাৰ উপৰিও শৃংখল চলিহাক অংকুশ কেডিয়াই দাখিল কৰা গোচৰৰ ভিত্তিতো চৰকাৰে গ্ৰেপ্তাৰ কৰাৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে । উচ্চ ন্যায়ালয়ৰ আদেশৰ ভিত্তিত শৃংখল চলিহাক সাক্ষাৎ কৰাৰ পাছত অধিবক্তা বৈৰাগীয়ে কয় যে পৰৱৰ্তী সময়ত শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ গোচৰটো কি হ'ব সেইয়া উচ্চ ন্যায়ালয়ৰ ওপৰত নিৰ্ভৰ কৰিব ।

উল্লেখ্য যে ধনদাবীৰ গোচৰত শিৱসাগৰ আৰক্ষীয়ে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিছিল । তাৰ পাচতে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে তেওঁক জামিন প্ৰদান কৰিছিল যদিও এটা নিশাৰ বাবে কাৰাগাৰত কটাবলগীয়া হয় শৃংখল চলিহাই । কিন্তু পাচত কাৰাগাৰৰ পৰা ওলোৱাৰ সময়তে পুনৰ শৃংখলক গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক :Assam Police new Guidelines: এতিয়াৰ পৰা DGP ৰ অনুমতি অবিহনে আৰক্ষী বিষয়াসকলে মুখ খুলিব নোৱাৰিব সংবাদ মাধ্যমৰ আগত

ABOUT THE AUTHOR

...view details