অসম

assam

কা বিৰোধী আন্দোলনৰ নেতাক মুক্তিৰ দাবীত প্ৰতিবাদ

By

Published : Jul 14, 2020, 8:22 PM IST

শীঘ্ৰে অখিল গগৈ,বিটু সোণোৱাল আৰু ধৈৰ্য্য কোঁৱৰকে ধৰি কা আন্দোলনৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা সকলো নেতা কৰ্মীক শীঘ্ৰে মুক্তি দিয়াৰ দাবী জনায় অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু ছাত্ৰ সন্মিলনীয়ে।

কা বিৰোধী আন্দোলনৰ নেতাক মুক্তিৰ দাবীত প্ৰতিবাদ
কা বিৰোধী আন্দোলনৰ নেতাক মুক্তিৰ দাবীত প্ৰতিবাদ

শিৱসাগৰ,14 জুলাইঃ গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰা সকলক ছমাহ ধৰি কাৰাগাৰত বন্দী কৰি ৰখা অসমৰ ইতিহাসত আটাইতকৈ ফেচিষ্ট আৰু জাতি বিৰোধী বিজেপি দলৰ চৰকাৰক কঠোৰ সকীয়নি। আজি শিৱসাগৰত অনুষ্ঠিত এক প্ৰতিবাদত এইদৰে সকিয়াই দিয়া হয় বিজেপি চৰকাৰক।

কা বিৰোধী আন্দোলনৰ নেতাক মুক্তিৰ দাবীত প্ৰতিবাদ
শীঘ্ৰে অখিল গগৈ,বিটু সোণোৱাল আৰু ধৈৰ্য্য কোঁৱৰকে ধৰি কা আন্দোলনৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা সকলো নেতা কৰ্মীক শীঘ্ৰে মুক্তি দিয়াৰ দাবী জনায় অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু ছাত্ৰ সন্মিলনীয়ে।চৰকাৰখনে অখিল গগৈৰ লগতে আন নেতাসকলক এটাৰ পিছত আন এটা গোচৰ জাপি দি কাৰাবন্দী কৰা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে। যদিহে অনতিপলমে অখিল গগৈৰ লগতে আন সতীৰ্থ সকলক মুকলি কৰি নিদিয়ে তেন্তে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি হুংকাৰ দিয়ে দুই ছাত্ৰ সংগঠনে।লগতে চাওকঃ ঘন্টাত এক ছেন্টিমিটাৰকৈ বাঢ়িছে লুইতৰ পানী

ABOUT THE AUTHOR

...view details