ETV Bharat / state

ঘন্টাত এক ছেন্টিমিটাৰকৈ বাঢ়িছে লুইতৰ পানী

author img

By

Published : Jul 14, 2020, 2:59 PM IST

গুৱাহাটীত বৃদ্ধি পাইছে মহাবাহুৰ জলপৃষ্ঠ ৷ বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৪৯.১৫ মিটাৰ। মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া এলেকা পানীত ডুব গৈছে।

the Brahmaputra flowing 1.5 meter above danger level
the Brahmaputra flowing 1.5 meter above danger level

গুৱাহাটী, 14 জুলাই : গুৱাহাটীত ভয়ানকভাৱে ওফন্দি উঠিছে মহাবাহুৰ জলস্তৰ। বিপদসীমাৰ প্ৰায় ডেৰ মিটাৰ ওপৰৰে বৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। ঘন্টাত প্ৰায় ১-২ ছেন্টিমিটাৰকৈ বৃদ্ধি হৈ আছে লুইতৰ পানী। মহানগৰীত বৰষুণ হোৱা নাই যদিও উজনি অসমত হোৱা বৰষুণৰ বাবে এই ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে ।

ঘন্টাত এক ছেন্টিমিটাৰকৈ বাঢ়িছে লুইতৰ পানী

বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৪৯.১৫ মিটাৰ। এই কথা ইটিভি ভাৰতক জনালে কেন্দ্ৰীয় জল আয়োগে। ইতিমধ্যেই মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া এলেকা পানীত ডুব গৈছে। এনেদৰেই বৃদ্ধি হৈ থাকিলে মহানগৰীটো লুইতৰ কাষৰীয়া অঞ্চলত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

উল্লেখ্য যে, বৰ্তমানলৈকে ৰাজ্যৰ 27 খন জিলা বানৰ কৱলত পৰাৰ লগতে 21,63,010 গৰাকী ব্যক্তি বানত ক্ষতিগ্ৰস্ত হৈছে ৷ এই পৰ্যন্ত বানৰ কৱলত মৃত্যু মুখত পৰিছে 50 গৰাকী লোক ৷

লগতে পঢ়ক : বৰঘূলীত বিধ্বংসী ৰূপ ধাৰণ কৰিছে লুইতৰ বানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.