অসম

assam

শিৱসাগৰৰ নামতিত তেল ডিপো ছীল প্ৰশাসনৰ

By

Published : Jan 29, 2021, 12:49 PM IST

Updated : Jan 29, 2021, 1:01 PM IST

বৃহস্পতিবাৰে শিৱসাগৰৰ নামতি চাৰিআলিৰ মৰিনামডাং স্থিত ভাৰত পেট্ৰ'লিয়ামৰ তেল ডিপোত তেল কম দিয়াক কেন্দ্ৰ কৰি শুকুৰবাৰে তেল ডিপোটো ছীল কৰে প্ৰশাসনে ৷

শিৱসাগৰৰ নামতিত তেল ডিপো ছীল প্ৰশাসনৰ
শিৱসাগৰৰ নামতিত তেল ডিপো ছীল প্ৰশাসনৰ

আমগুৰি, 29 জানুৱাৰী :শুকুৰবাৰে শিৱসাগৰৰ নামতি চাৰিআলিৰ মৰিনামডাং স্থিত ভাৰত পেট্ৰ'লিয়ামৰ তেল ডিপো ছীল কৰে প্ৰশাসনে । উক্ত তেল ডিপোটো লৈ তেল ভৰাবলৈ অহা বাহনত তেল কম দিয়াক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি উতপ্ত হৈ পৰে পৰিস্থিতি ৷ অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ছীল কৰি দিয়ে নামতি চাৰিআলিৰ মৰিনামডাং স্থিত ভাৰত পেট্ৰ'লিয়াম তেল ডিপোটো ৷

উল্লেখ্য যে,থলুৱা যুৱকক প্ৰতাৰণা কৰি বহিৰাগত কৰ্মচাৰীক নিযুক্তি দিয়াৰ বাবেই এনে দুষ্কাৰ্য হৈছে বুলি মন্তব্য কৰে স্থানীয় একাংশ লোকে ৷

শিৱসাগৰৰ নামতিত তেল ডিপো ছীল প্ৰশাসনৰ

এই ঘটনাৰ এক উচিত তদন্তৰ দাবী কৰি অনিৰ্দিষ্ট কাললৈ তেল প্ৰদানত বাধা আৰোপ কৰিছে ঐক্য সেনাৰ নামতি আঞ্চলিকে ৷ বৃহস্পতিবাৰৰ এই ঘটনাৰ পিছতে নাজিৰাৰ ৰাজহ চক্ৰ বিষয়াই শুকুৰবাৰে তেল ডিপোটো ছীল কৰি দিয়ে ।

আনহাতে,এই সন্দৰ্ভত ঐক্য সেনাৰ নামতি আঞ্চলিকে ইতিমধ্যে শিৱসাগৰ জিলা উপায়ুক্ত লৈ এক স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক :বাজেট অধিৱেশন দেশৰ ভৱিষ্যতৰ মূল চাবি-কাঠি: নৰেন্দ্ৰ মোডী

Last Updated :Jan 29, 2021, 1:01 PM IST

ABOUT THE AUTHOR

...view details